চৰকাৰৰ মিনিষ্ট্ৰি অৱ টেক্সটাইল বিভাগৰ ডেভেলপমেন্ট কমিচনাৰ (হেণ্ডিকাফ্ট)ৰ হিয়া হেৰিটেজ ৱৰ্ল্ডৰ পলাশবাৰীৰ সৰু ফুলগুৰিত পঞ্চাশ দিনীয়াকৈ বস্ত্ৰ উৎপাদনৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

চৰকাৰৰ মিনিষ্ট্ৰি অৱ টেক্সটাইল বিভাগৰ ডেভেলপমেন্ট কমিচনাৰ (হেণ্ডিকাফ্ট)ৰ হিয়া হেৰিটেজ ৱৰ্ল্ডৰ পলাশবাৰীৰ সৰু ফুলগুৰিত পঞ্চাশ দিনীয়াকৈ বস্ত্ৰ উৎপাদনৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

দক্ষিণ কামৰূপ , ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় হেণ্ডিকাফ্ট ডেভেলপমেন্ট প্ৰগ্ৰাম নাৰে গুৰু শিষ্য হস্তশিল্প প্ৰশিক্ষণ কাৰ্যসূচীৰে  পঞ্চাশ দিনীয়াকৈ ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অৱ টেক্সটাইল বিভাগৰ গুৱাহাটীৰ ডেভেলপমেন্ট কমিচনাৰ(হেণ্ডিকাফ্ট) সৌজন্যত আৰু হিয়া হেৰিটেজ ৱৰ্ল্ডৰ উদ্যোগত কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সৰুফুলগুৰি(বৰপতিমা)ত থলুৱা বস্ত্ৰ উৎপাদন কৰাৰ সন্দৰ্ভত এটি প্ৰশিক্ষণৰ শুভাৰম্ভ কৰা হয়। এই প্ৰশিক্ষণটিৰ আজি মুকলি কৰে এই বিভাগটোৰ গুৱাহাটীৰ হেণ্ডিকাফ্ট বিভাগৰ ডেভেলপমেন্ট কমিচনাৰ ড০ ধীৰাজ কুমাৰে। তেওঁ এই প্ৰশিক্ষণটিৰ মুকলি কৰি থলুৱা বস্ত্ৰ উৎপাদন কৰি মহিলাসকলক নিজৰ ভৰিত থিয় দিবলৈ উৎসাহ যোগায়। তেওঁ কয় এই প্ৰশিক্ষণৰ নামত ত্ৰিশ গৰাকী মহিলাৰ ভিতৰত প্ৰতিজনে নিতৌ তিনিশ টকালৈ লাভ কৰিব। এই প্ৰশিক্ষণৰ পিচত তেওঁলোকে উৎপাদন কৰা নানা ধৰণৰ থলুৱা বস্ত্ৰ বিক্ৰিৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰ নিৰূপণ কৰি দিয়াৰ লগতে অসমৰ বাহিৰতো বজাৰ দিব বুলি ভাষণত উল্লেখ কৰে। ইয়াৰ বাবে সকলো শিপিনীয়ে নিজৰ একগ্ৰতা,দক্ষতা আদিৰে কাম কৰি যাব লাগিব। এই শিপিনীসকলক প্ৰশিক্ষণ আগবঢ়াব ৰুক্মিণী কলিতাই। প্ৰয়োজনত এই শিপিনীসকলক বেংক ঋণ,মুদ্ৰা লোণ আদিৰো ব্যৱস্থা কৰি দিব বুলি ড০ কুমাৰে কয়। এই উপলক্ষে এই হিয়া হেৰিটেজ ৱৰ্ল্ডৰ সভানেত্ৰী মিতালী বৰুৱাই আঁত ধৰা এই প্ৰশিক্ষণ মুকুলিৰ কাৰ্যসূচীত লগতে বন্তি প্ৰজ্বলন কৰে ড০ ধীৰাজ কুমাৰে। এই কাৰ্যসূচীতে সমাজকৰ্মী বীৰেন কলিতাই অংশগ্ৰহণ কৰি থলুৱা এই মহিলা তথা শিপিনীসকলক উৎসাহেৰে বস্ত্ৰ উৎপাদনত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। এখন সমাজত উন্নয়নৰ বাবে নাৰীৰ ভূমিকা যথেষ্ট বুলি কয়। এই কাৰ্যসূচীতে এই সংস্থাটোৰ সভানেত্ৰী মিতালী বৰুৱাই মহিলাসকলক এই বস্ত্ৰ উৎপাদনৰ প্ৰশিক্ষণটি ভালদৰে গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইয়াৰ জড়িয়তেই তথাসময়ত তেওঁলোক স্বাৱলম্বী হোৱাত সহায় হব বুলি উল্লেখ কৰে। এইক্ষেত্ৰত তেওঁলোকক উৎসাহ,বস্ত্ৰ বিক্ৰী আদিৰ বাবে সহায়-সহযোগ কৰি যাব। ভালদৰে প্ৰশিক্ষণ গ্ৰহণ কৰিলেহে এগৰাকী ভাল শিপিনী হব পাৰিব বুলি বৰুৱাই ভাষণত কয়। এই কাৰ্যসূচীৰ ভালকৈ প্ৰশিক্ষণ গ্ৰহণ কৰিলেহে গুৰু শিষ্য হস্তশিল্প প্ৰশিক্ষণ কাৰ্য্যসূচীৰ মূল্যায়ণ হব বুলি উল্লেখ কৰে। এই সংস্থাৰ সম্পাদিকা জ্যোতি দলেয়ে প্ৰশিক্ষণৰ বাবে ওলাই অহা শিপিনীসকলক উৎসাহ যোগায়। উল্লেখ যে, ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত গুৰু-শিষ্য হস্তশিল্প প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে হীয়া হেৰিটেজ ৱৰ্ল্ডৰ শিপিনীসকলক সবলীকৰণ কৰণৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অধীনত যুগ যুগ ধৰি চলি অহা গুৰু শিষ্য পৰম্পৰা অনুসৰণ কৰি গ্ৰাম্য আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ শিপিনীসকলক নিপুণ শিল্পীসকলৰ দ্বাৰা বিশেষ প্ৰশিক্ষণ আৰু মেণ্টৰশ্বিপ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত ক্ৰমে হস্ততাঁত বোৱা, ডিজাইন উদ্ভাৱন আৰু উদ্যোগীকৰণৰ বিকাশৰ দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।