চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অপৰাধত ৭৪ জন প্ৰতিবাদকাৰীৰ বাবে শাস্তি ঘোষণা

pc The Janambhumi

চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অপৰাধত ৭৪ জন প্ৰতিবাদকাৰীৰ বাবে শাস্তি ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অপৰাধত কিউবাৰ আদালতে ৭৪ জন লোকৰ বাবে কাৰাগাৰৰ চৰ্তাৱলী জাৰি কৰিছে।হাভানা, ছান্টিয়াগো আৰু মাতানজাছৰ ন্যায়িক কৰ্তৃপক্ষই দেশদ্ৰোহ, ৰাজহুৱা বিশৃঙ্খলা আৰু প্ৰতিবাদ সম্পৰ্কীয় অন্যান্য অপৰাধত অভিযুক্ত ৭৪ জন বিৰোধীৰ বাবে শাস্তি ঘোষণা কৰে। ৭৪জন ব্যক্তিক প্ৰায় ১৮ বছৰলৈকে কাৰাবন্দী ঘোষণা কৰা হৈছে।যিসকলক দণ্ডিত কৰা হৈছিল, তেওঁলোকৰ ভিতৰত ৫৬ জনে ১০ ৰ পৰা ১৮ বছৰ কাৰাগাৰৰ ভিতৰত থাকিব লাগিব।আনহাতে ১২ জন কিশোৰসহ আন ১৮ জনৰ শাস্তি “সংশোধনী শ্ৰম”লৈ পৰিৱৰ্তন কৰা হৈছে।উল্লেখযোগ্য যে,যোৱা বছৰ ১১ আৰু ১২ জুলাইত সমগ্ৰ কিউবাত গণ প্ৰতিবাদ আৰম্ভ হৈছিল।অৰ্থনৈতিক বিবাদ, খাদ্য আৰু ঔষধৰ অভাৱ আৰু চৰকাৰৰ ওপৰত ক্ৰোধ বৃদ্ধি হোৱাৰ মাজতে প্ৰতিবাদকাৰীসকলে স্বাধীনতা দাবী কৰিছিল।১৯৫৯ চনৰ বিপ্লৱৰ পিছত কিউবাত আটাইতকৈ ডাঙৰ প্ৰতিবাদ আছিল।