চৰকাৰে বৃক্ষৰোপনৰ নামত ৰাজহুৱা ধন অপচয়

চৰকাৰে বৃক্ষৰোপনৰ নামত ৰাজহুৱা ধন অপচয়

ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব অভিলেখ গঢ়িবলৈ গৈ অবতৰত বৃক্ষ ৰোপনৰ নামত ৰাজহুৱা ধনৰ অপচয়ৰ লগতে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ অভয়পুৰ গাঁৱত খিলঞ্জীয়া জনজাতীয় লোকসকলক নীতিবৰ্হিভূত ভাৱে চৰকাৰে উচ্ছেদ কৰা কাৰ্যক তীব্ৰ গৰিহণা ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়াৰ। এক বিবৃতিৰ জৰিয়তে চিন্ময় বড়াই লগতে উক্ত স্থান আৰু লগতে লাগি থকা হাপজান পৰ্বত চাহ বাগিচাৰ ভূমি অসমৰ এটা শক্তিশালী ৰাজনৈতিক পৰিয়ালৰ দ্বাৰা ভূমি ক্ৰয়ৰ আন অভিসন্ধি বুলি সন্দেহ প্ৰকাশ কৰে।