চৰকাৰী সৎ বিষয়াৰ মহঙা দিন আৰু ছিপাঝাৰ বিদ্যুৎ বিভাগৰ উপসাংমাণ্ডলিক অভিযন্তা চিব্বিৰ আহমেদ চাৰ
ফখৰুদ্দিন আহমেদ
তাৰিখটো আছিল বিগত ইং ২০২০ বৰ্ষৰ ১৬ অক্তোবৰ। সেইদিনটোতেই আমাৰ একমাত্ৰ পুত্ৰ সন্তান মিফতাহুৰ ৰহমানে গুৱাহাটীস্থ ছয়মাইল জি এন আৰ্ ছিত প্ৰায় ১৪ দিন জীৱন মৃত্যৰ সংগ্ৰামত জয়ী হোৱাৰ পিছত হস্পিতাল কৰ্তৃপক্ষই নিজৰ ঘৰলৈ আহিবলৈ অনুমতি প্ৰদান কৰিছিল। ঘৰ পাইছিলোহি সন্ধিয়া প্ৰায় ৭-৩০ বজা মানত। অক্তোবৰ মাহ হ’লেও দিনে ৰাতিয়ে আছিল উৎকট গৰম। নিউৰো মেডিচিন ষ্পেচিয়েলিষ্ট ডাঃ প্ৰসেনজিত ডেকা চাৰৰ বিভিন্ন উপদেশৰ ভিতৰত এটি উপদেশ ৰোগীৰ যাতে অত্যাধিক গৰম বা অত্যাধিক ঠাণ্ডা নালাগে।সেই দিনটোটো পৰ্যাপ্ত পৰিমানে আমাৰ বিদ্যুৎৰ বিল অনাদায় হৈ আছিল।
সেয়ে পাৰ্যমানে অনাদায় হৈ থকা বিদ্যুৎৰ বিলখিনি আদায় কৰি দিয়াৰ প্ৰচেষ্টাৰ বাবে মনোনিবেশ কৰি থাকিলো।
যিহেতু মই ব্যক্তিগত ভাবে চৰকাৰী চাকৰিয়াল কিম্বা প্ৰতিষ্ঠিত ব্যবসায়ী নহয় লগতে হস্পিতালত চিকিৎসা সংক্ৰান্তত প্ৰায় তিনি লক্ষাধিক টকা ইতিমধ্যে খৰছ কৰা হৈছে আৰু বাবু মিফতাহুৰৰ প্ৰতি মাহৰ ঔষধত প্ৰায় ৬ হেজাৰ টকাতকৈ অধিক খৰছ হয় , সেয়ে মই শোচনীয় ভাবে আৰ্থিক সংকটত পতিত হ’লো।ফলত অনাদায় হৈ থকা বিদ্যুৎ বিল আদায় দিয়াৰ ক্ষেত্ৰত মই বিফল হ’লো।
এনে বিপৰ্যয়ৰ দিনত মোৰ বন্ধু মহলৰ অনেকেই আৰ্থিক আৰু মানসিক ভাবে সহায় সহযোগিতা কৰিছিল। সেই সকলৰ ওচৰত মই চিৰদিন কৃতজ্ঞ হৈ থাকিম।
কেইদিনমান পূৰ্বে দিনৰ ভাগত মোক পৰিবাৰে ফোন কৰি জনালে যে ছিপাঝাৰত থকা বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ পৰা উপসাংমাণ্ডলিক অভিযন্তা সহ আন কৰ্মচাৰী আহি আমাৰ বিল পৰিশোধ কৰিবলৈ জাননী দি থৈ গৈছে।
উক্ত কাৰনটি সমাধানৰ বাবে মই ইং ১৪ চেপ্তেম্বৰ ২০২১ তাৰিখ মঙ্গলবাৰে ছিপাঝাৰস্থিত বিদ্যুৎ বিভাগৰ উপসংমণ্ডল বিষয়া মহোদয়ৰ কাৰ্যালয়লৈ গৈ এক অনন্য অভিজ্ঞতা লাভ কৰিলো। যি অভিজ্ঞতা সাধাৰনতে সাম্প্ৰতিক সময়ত অসমৰ চৰকাৰী কাৰ্যালয়ত কৰ্মৰত বিষয়া তথা কৰ্মচাৰী সকলৰ পৰা অাশা কৰা নাযায়।
এজন যুবক , কৰ্মত ব্যস্ত ।তাৰ লগে লগে একে সময়তে তেখেতৰ সমূখত বিভিন্ন সমস্যা লৈ উপস্থিত হোৱা জনসাধাৰন আৰু কাৰ্যালয়ৰ কৰ্মচাৰী সকলৰ সমস্যাবোৰতো মবোনিবেশ কৰি সমস্যা সমূহৰ সমাধান কৰি গৈছে। ব্যবহাৰ পাতি বৰ অমায়িক আৰু সৌজনত্যাৰ লগতে সহায় সূলভ মানসিকতাৰে পুষ্ট এখন বহল অন্তৰৰ গৰাকীও তেখেত। তেখেত হ’ল কাৰ্যালয়টিৰ উপসাংমাণ্ডলিক অভিযন্তা কৰ্মোদ্দমী যুবক সন্মানীয় চিব্বিৰ আহমেদ চাৰ।
বিষয়টি উপস্থাপন কৰাৰ আন এটি প্ৰসংগও অৱশ্যে নথকা নহয়। আমাৰ একমাত্ৰ জীয়ৰী ফিৰদৌছী আমিনৰ উচ্চ শিক্ষা গ্ৰহনৰ বাবে প্ৰয়োজন হোৱা নাগৰিকত্বৰ প্ৰমান পত্ৰৰ সংক্ৰান্তত মই এতিয়ালৈকে ৩ দিন ধৰি ছিপাঝাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মহোদয়ৰ কাৰ্যালয়লৈ ৰাজহ কানানগু গৰাকীক লগ কৰিবলৈ গৈ আছো। উচ্চ শিক্ষা গ্ৰহনৰ বাবে প্ৰয়োজন হোৱা নাগৰিকত্বৰ প্ৰমান পত্ৰ চমুকৈ পি আৰ্ চিৰ বাবে চলিত বছৰৰ যোৱা আগষ্ট মাহৰ ১৩ তাৰিখে ছিপাঝাৰ আৰক্ষী চকীৰ কৰ্মৰত সন্মানীয় আৰক্ষী বিষয়া সকলে আমাৰ তথ্য পাতি নিৰীক্ষন কৰি সৌজন্যতা সহকাৰে অবগত কৰি চলিত চেপ্তেম্বৰ মাহ প্ৰথম সপ্তাহত দৰং জিলাৰ জিলা উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ পৰামৰ্শ দিছিল। সেই মৰ্মে তাত যোগাযোগ কৰাত আমাৰ ফাইলটো ছিপাঝাৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ ৰাজহ কানানগুৰ ওচৰত থকা বুলি জানিবলৈ দিয়ে । সেই মৰ্মে সেই বিষয়া গৰাকীৰ ওচৰলৈ চলিত চেপ্তেম্বৰ মাহত এতিয়ালৈ মই তিনি দিন গৈছো। মই প্ৰসংগটি উত্থাপন কৰিলেই কানানগু গৰাকীয়ে মোৰ ফাইলটো তেখেতে চক্ৰ বিষয়া মহোদয়লৈ প্ৰেৰণ কৰা কয় , কেতিয়াবা আকৌ নেট্ নাই বুলিও কয় কিন্তু ওচৰত থকা কাৰ্যালয়ৰ কোঠাবোৰত নেটৰ জৰিয়তে পূৰ্নোদ্দমে কাম চলি থকা প্ৰত্যক্ষ কৰো আৰু দ্বিতীয় বাৰ মোৰ কথাত মবোনিবেশ নকৰি আন কামত ব্যস্ত হৈ পৰে। মোৰ মনত প্ৰশ্ন উদয় হৈছে কানানগু গৰাকীয়ে মোৰ ছোৱালী আৰু মোৰ নাম নজনাকৈ ফাইলটো চক্ৰ বিষয়া গৰাকীৰ ওচৰলৈ পঠোৱা বুলি কোৱা কথাখিনি সত্য নে? নে কথাখিনিৰ নেপথ্যত আন কিবা অভিসন্ধি নিহিত হৈ আছে! মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে অসমৰ সকলো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়বোৰ দূৰ্নীতি মুক্ত কৰাৰ বাবে লোৱা ব্যবস্থা কাৰ্যকৰীকৰন হ’ব নে শেষলৈ এক চমক হিচাবেহে চিহ্নিত হ’ব?
কিন্তু অসমৰ যুব প্ৰজন্মক সঁচাকৈয়ে নেতৃত্ব দিব পৰা গুণৰ অধিকাৰী ছিপাঝাৰ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ উপসাংমাণ্ডলিক অভিযন্তা সন্মানীয় চিব্বিৰ আহমেদ চাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মহোদয়ৰ কাৰ্যালয়ৰ ৰাজহ কানানগু গৰাকীতকৈ সম্পুৰ্ন ওলোটো।
মই সাধাৰনতে সাম্প্ৰতিক সময়ত অসমৰ চৰকাৰী কাৰ্যালয়ত বিষয়া সকলৰ সৰহ সংখ্যকে জনসাধাৰনৰ লগত কৰা অভব্য আচৰন আৰু ব্যবহাৰৰ সমূখীন হ’ম বুলিয়ে ভাবি আছিলো। কন্তু নাই। মই ভাবি থকাৰ দৰে কোনো অস্বাভাবিক পৰিস্থিতিৰ সৃষ্টি নকৰি সম্পুৰ্ন কোমল সুৰত সমগ্ৰ প্ৰক্ৰিয়াটো বুজাই দি ধন্যবাদ সহকাৰে বিদায় দিলে।
মোৰ এটি চেল্যুইট দিবলৈ বাৰুকৈয়ে মন গৈছিল।কাৰ্যকৰীগত ভাবে মই এটি চেল্যুইট নিদিলো যদিও জীৱনৰ বাকীচোৱা কালত এই ঘটনা স্মৃতিত আহিলেই চিব্বিৰ আহমেদ চাৰে মোৰ অন্তৰৰ পৰা নিস্বাৰ্থ চেল্যুইট পাই থাকিব। এনে এগৰাকী সৎ , নিজৰ দায়িত্বত নিষ্ঠাবান আৰু জনসাধাৰনৰ লগত সৌজন্যতা আৰু সৌহাৰ্দপূৰ্ন সম্পৰ্ক বৰ্তাই ৰখাত ত্ৰুটি নকৰা এগৰাকী যুব অভিযন্তাৰ সংশ্ৰবলৈ আহিবলৈ সুযোগ পোৱাত মই নিজেই অতিকৈ আহ্লাদিত হৈছো।
অৱশ্যে চিবিৰ আহমেদ চাৰৰ লগত মোৰ ব্যক্তিগত চা-চিনাকী নাইবা সম্পৰ্ক নাই ।মোৰ একালৰ প্ৰিয় ছাত্ৰ আৰু সাম্প্ৰতিক সময়ৰ এগৰাকী অন্যতম বন্ধু , ব্যক্তিভাবে বিদ্যুৎ বিভাগৰ লগত বহু বছৰ ধৰি জৰিত নুৰ আলম (মিন্টু) ই মোক চিব্বিৰ আহমেদ চাৰ সম্পৰ্কত আজি কৈছিল ” আপুনি চাৰক লগ কৰকচোন। আহমেদ চাৰ ছিপাঝাৰৰ পৰা বদলি হৈ গ’লে এনে ধৰনৰ বিষয়া অভিযন্তা পাবলৈ ছিপাঝাৰে পাবলৈ বহু দশক অপেক্ষা কৰিব লাগিব।”
এনে ধৰনৰ ব্যক্তি এপাচি শাকত এটি জালুকৰ দৰে হ’লেও এনে মহানুভব ব্যক্তিৰ কাৰনেই পৃথিবীখন বৰ্তি আছে বুলি ক’লে বঢ়াই কোৱা নহ’ব চাগে।