ৰামিজ ৰাজাই লাভ কৰে পি চি বিৰ মুৰব্বীৰ দায়িত্ব

pc Times of India

ৰামিজ ৰাজাই লাভ কৰে পি চি বিৰ মুৰব্বীৰ দায়িত্ব

অনলাইন বাৰ্ত্তাসেৱা – ১৯৯২ৰ বিশ্বকাপ বিজয়ী পাকিস্তান দলৰ অন্যতম সদস্য ৰামিজ ৰাজা হ’ল পি চি বিৰ মুৰব্বীৰ দায়িত্ব লাভ কৰা চতুৰ্থগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্রিকেটাৰ। পাকিস্তানৰ প্ৰধানমন্ত্রী ইমৰান খানে ৰামিজ ৰাজাক ৩ বছৰৰ বাবে পাকিস্তান ক্রিকেট ব’ৰ্ডৰ মুৰব্বী হিচাপে মনোনীত কৰে।  ইয়াৰ পূৰ্বে আব্দুল হাফিজ কাৰদাৰ, জাভেদ বুর্কী আৰু আইটাজ বাটে এই গুৰুদায়িত্ব লাভ কৰিছিল। ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ পিছত  তেওঁ ধাৰাভাষ্যকাৰ হিচাপে জনপ্ৰিয় হৈ পৰে। ৫৯ বছৰীয়া প্ৰাক্তন ক্রিকেটাৰ ৰামিজ ৰাজাই ইয়াৰ ২০০৩ৰ পৰা ২০০৪লৈ পিচিবিৰ মুখ্য কাৰ্যবাহী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

(UD.)