চৰকাৰী ভূমি বেদখলমুক্ত কৰাক লৈ সৃষ্টি হোৱা ধলপুৰৰ ৰক্তক্ষয়ী ঘটনাৰ আঁৰত জড়িত হৈ আছে তৃতীয় শক্তিঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

pc Times of India

চৰকাৰী ভূমি বেদখলমুক্ত কৰাক লৈ সৃষ্টি হোৱা ধলপুৰৰ ৰক্তক্ষয়ী ঘটনাৰ আঁৰত জড়িত হৈ আছে তৃতীয় শক্তিঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

অনলাইন বাৰ্ত্তাসেৱা – মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ নিজৰ মন্তব্যত উল্লেখ কৰি কয়, ‘গৰুখুঁটিৰ এই উচ্ছেদিত স্থানত লুকাই আছে তৃতীয় শক্তি। এই স্থানত ১৯৮৩ চনতো মানুহক মৰা হৈছিল। কেইদিনমান পূর্বেও এই স্থানতে আন এজন লোকক মৰা হৈছে। কোনোবা তৃতীয় শক্তি নিশ্চিতভাৱে এই ঘটনাৰ আঁৰত আছে। উচ্ছেদপৰ্ব ইয়াৰ আগতেও চলিছে। মাত্র ৬০টা পৰিয়ালক উচ্ছেদ কৰিবলৈ বাকী আছিল। কালি ৬১ ঘৰ মানুহৰ বিপৰীতে ১০ হাজাৰ লোক ক’ৰ পৰা সমৱেত হ’ল ? এই মানুহবোৰ কোনে আনিলে ? অসমখনক এনেদৰে এৰি দিব নোৱাৰি। ধলপুৰৰ শিৱ মন্দিৰ বেদখল কৰিছে, কাইলৈ কামাখ্যা মন্দিৰ কৰিব আৰু বৰদোৱাও কৰিব। আমি একো কৰিব নোৱাৰিম নেকি ?’ উল্লেখ্য যে গৰুখুঁটিৰ ধলপুৰত বেদখল উচ্ছেদক লৈ সৃষ্টি হোৱা ৰক্তক্ষয়ী ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছিল কেইবাজনো আৰক্ষী বিষয়া। সমগ্র ঘটনাক লৈ দল-সংগঠনে চৰকাৰৰ ভূমিকাৰ বিৰুদ্ধে সৰৱ হোৱাৰ সময়তে আজি মুখ্যমন্ত্ৰী ড° শৰ্মাই নিজৰ প্ৰতিক্রিয়া ব্যক্ত কৰি সাংবাদিকৰ আগত উল্লেখ কৰি কয়— এই ঘটনাটোৰ ৩০ ছেকেণ্ডৰ যি ভিডিঅ’ ভাইৰেল হৈছিল, সেই ভিডিঅ’ৰে সমগ্ৰ ঘটনা বিচাৰ কৰিব নোৱাৰে। ভাইৰেল হোৱা ভিডিঅ’ৰ আগৰ আৰু পাছৰ ঘটনাৱলীও পর্যালোচনাৰ প্ৰয়োজন। মন কৰিবলগীয়া যে উচ্ছেদৰ সময়তে আৰক্ষীৰ গুলীত নিহত হোৱা এজন লোকৰ মৃতদেহৰ ওপৰত চলিছিল বৰ্বৰতা। উক্ত ঘটনাৰ প্ৰসংগ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়— ভাইৰেল হোৱা ভিডিঅ’ৰ এটা অংশ চাই বিচাৰ কৰিব নালাগে। সেয়া হ’ব নালাগিছিল, ইয়াক আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। ইয়াৰ বিপৰীতে বাকী ঘটনাৰ পৰা ক’ব পাৰি— এনেকৈ অসমীয়া জাতি সত্তা জীয়াই থাকিব নোৱাৰে।    মুখ্যমন্ত্ৰীয়ে কয়— গৰুখুঁটিৰ উচ্ছেদৰ পূর্বেই সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সৈতে এক আলোচনা হৈছিল। সেই আলোচনা মতে ভূমি নীতি অনুসৰি ভূমিহীন পৰিয়ালক ৬ বিঘাকৈ মাটি প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰী হিচাপে মই এই বিষয়টোত নিশ্চিতি প্রদান কৰি দৰং জিলা উপায়ুক্তৰ সৈতে তেওঁলোকৰ আলোচনা অনুষ্ঠিত কৰোৱা হ’ল। আনকি আন স্থানত ভূমি দিয়াৰ বাবে নতুন মাটিও দেখুওৱা হ’ল। সেয়াই নহয়, বিৰোধী কংগ্ৰেছ দলৰ বিধায়কসকল মোৰ ওচৰলৈ আহোঁতে মই তেওঁলোককো স্পষ্ট কৰি দিছিলোঁ যে ভূমি নথকা লোকসকলক ৬ বিঘাকৈ মাটি প্ৰদান কৰা হ’ব। কিন্তু বৰপেটা, বাঘবৰ, সৰুক্ষেত্ৰীৰ পৰা অহা লোকক আমি মাটি দিব নোৱাৰোঁ। এই আলোচনাত সংখ্যালঘু ছাত্ৰ সন্থাই আমাৰ প্ৰস্তাৱ মানি ল’লে আৰু সেই অনুসৰিয়েই উচ্ছেদ আৰম্ভ হ’ল।