চেন্নাই ছুপাৰ কিংছৰ প্ৰশিক্ষক ষ্টিফেন ফ্লেমিং আই পি এলৰ সবাতোকৈ সফল প্ৰশিক্ষক হিচাপে চিহ্নিত

Pc- NDTV Sports

চেন্নাই ছুপাৰ কিংছৰ প্ৰশিক্ষক ষ্টিফেন ফ্লেমিং আই পি এলৰ সবাতোকৈ সফল প্ৰশিক্ষক হিচাপে চিহ্নিত

ৰঙিলী বাৰ্ত্তাসেৱা- চেন্নাই ছুপাৰ কিংছে কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে আই পি এলৰ খিতাপ জয় কৰাৰ লগে লগে নিউজিলেণ্ডৰ প্ৰাক্তন ক্রিকেটাৰ ষ্টিফেন ফ্লেমিং আই পি এলৰ সবাতোকৈ সফল প্ৰশিক্ষক হিচাপে অভিলেখৰ গৰাকী হয়। ২০০৯ৰ পৰা চেন্নাইৰ প্ৰশিক্ষকৰ দায়িত্বত থকা ফ্লেমিঙৰ প্ৰশিক্ষণত দলটোৱে ২০১০, ২০১১, ২০১৮ আৰু ২০২১ত আই পি এলৰ খিতাপ জয় কৰিবলৈ সক্ষম হয়। শ্রীলংকাৰ বেটছমেন মাহেলা জয়াৱৰ্ধনেই মুম্বাই ইণ্ডিয়ানছৰ প্ৰশিক্ষক হিচাপে ২০১৭, ২০১৯ আৰু ২০২০ৰ আই পি এলত চেম্পিয়নৰ সন্মান অৰ্জন কৰিছিল।চতুৰ্থবাৰৰ বাবে  চেন্নাই ছুপাৰ কিংছে আই পি এলৰ খিতাপ জয়ৰ পিছত প্ৰশিক্ষক ফ্লেমিঙে দলটোৰ যুৱ তাৰকা ৰুতুৰাজ গাইকোৱাডক ভূয়সী প্ৰশংসা কৰে। ৰুতুৰাজ গাইকোৱাডে ৬৩৫ ৰান সংগ্ৰহ কৰি আই পি এলত অৰেঞ্জ কেপ লাভ কৰা সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে  পৰিগণিত হয়। ২৪ বছৰীয়া গাইকোৱাৰ্ডক ফ্লেমিঙে ভাৰতৰ ক্ৰিকেটৰ ভৱিষ্যতৰ ছুপাৰষ্টাৰ আখ্যা দিয়ে।