চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ

Pc Facebook

চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- আজি বিয়লি ৩ বাজি ১৫ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় অসমৰ বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা শিল্পীগৰাকীয়ে আজি ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। যশস্বী চিত্ৰশিল্পী, ‘অসম সৌৰভ’ বঁটা প্ৰাপক নীলপৱন বৰুৱাৰ বিয়োগত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিকভাৱে এক টুইটযোগে গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে নীলপৱন বৰুৱাই কলাৰ নিৰলস সাধনাৰে বিগত কেইবা দশক ধৰি অকল ৰাজ্যৰ চিত্ৰশিল্পৰ জগতখনকেই নহয়, সামগ্ৰিকভাৱে কলাৰ ক্ষেত্ৰখনকে সমৃদ্ধ কৰি আহিছিল।  মুখ্যমন্ত্ৰীয়ে লগতে কয় যে নীলপৱন বৰুৱাৰ প্ৰয়াণত ৰাজ্যখনে এগৰাকী কলাৰ একনিষ্ঠ সাধক তথা এগৰাকী বৰেণ্য ব্যক্তিত্বক হেৰুৱালে৷ তেখেতৰ বিয়োগ এক অপূৰণীয় ক্ষতি।মুখ্যমন্ত্ৰী ড° শৰ্মাই বৰেণ্য শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰিছে৷