চাহ জন-গোষ্ঠীয় সাহিত্যিক বসন্ত ৰাজোৱাৰৰ আৱক্ষ-মূৰ্ত্তি আৰু ৰচনাৱলী উন্মোচন : সংগৃহীত ৰচনাৰাজী প্ৰকাশৰ ব্যৱস্থা গ্ৰহণত গুৰুত্ব

চাহ জন-গোষ্ঠীয় সাহিত্যিক বসন্ত ৰাজোৱাৰৰ আৱক্ষ-মূৰ্ত্তি আৰু ৰচনাৱলী উন্মোচন : সংগৃহীত ৰচনাৰাজী প্ৰকাশৰ ব্যৱস্থা গ্ৰহণত গুৰুত্ব

যদুমণি হাজৰিকা, নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰাৰ চকীমুখ টমটমটলাৰ নিবাসী প্ৰয়াত শিক্ষক তথা সমাজ আৰু সাহিত্যৰ সৈতে ঘনিষ্ঠ সম্বন্ধ গঢ়ি যোৱা বসন্ত ৰাজোৱাৰৰ সোমবাৰে প্ৰথম মৃত্যু বাৰ্ষিকীত নাজিৰাৰ অসম চাহ মজদুৰ সংঘৰ প্ৰেক্ষাগৃহত এখন স্মৃতি-চাৰণ সভা অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে টমটমটলাৰ বাসগৃহত এক আৱক্ষ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে বয়োজ্যেষ্ঠ সাংবাদিক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেণ শৰ্মাই । সাহিত্যিক জনৰ প্ৰতিমৃৰ্ত্তিৰ আঁৰ কাপোৰ গুচাই সাংবাদিক বীৰেণ শৰ্মাই কয় যে চাহ-জনগোষ্ঠীৰ সামাজিক পৰম্পৰা, ৰীতি-নীতি, ধৰ্মীয় কৰ্ম পদ্ধতি আদিৰ বিষয়ত বিভিন্ন প্ৰৱন্ধ নিজস্ব শৈলীৰে লিখি বসন্ত ৰাজোৱাৰে বিভিন্ন কাকত আলোচনীত প্ৰকাশ কৰি গৈছে । তেওঁৰ নেতৃত্বত নাজিৰাৰ বৌদ্ধিক সংগঠন সংবাদ সাহিত্য আৰু সাংস্কৃতিক মঞ্চৰ “ত্ৰিমঞ্চ” মুখপত্ৰ খনিৰ এক সুদীৰ্ঘ কালৰ সম্পাদনা নিয়মীয়া ৰূপত পৰিপূৰ্ণ হৈ উঠিছিল বুলিও কয় উন্মোচকে। শিক্ষক বৰুণ ৰাজোৱাৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সভাপতিত্ব কৰে বিশিষ্ট লেখক চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মানিকলাল মাহাতুয়ে । এই সভাতে উন্মোচক হিচাপে ময়ুৰী ৰাজোৱাৰ সম্পাদিত “বসন্ত ৰাজোৱাৰ ৰচনাৱলী” গ্ৰন্থ খনি উন্মোচন কৰি মানিকলাল মাহাতুয়ে কয় যে বসন্ত ৰাজোৱাৰ এজন অক্লান্ত সাহিত্য কৰ্মী আৰু লেখক হিচাপে ৰাজ্যৰ সু-সাহিত্যিক “গণেশ চন্দ্ৰ কুৰ্মীৰ ৰচনাৱলী” গ্ৰন্থখনিৰ সম্পাদনাৰ সময়ত ফুটাই তুলিবলৈ সক্ষম হৈছিল । চাহ জনগোষ্ঠীৰ পৰম্পৰা, উৎসৱ আদিৰ গুৰিকথা সমূহ আৰু মহান ব্যক্তি সকলৰ জীৱন-কৰ্মৰ ওপৰত মনোনিৱেশ কৰি ৰচনা তুলি ধৰাৰ লগতে বহু সংখ্যক প্ৰৱন্ধ, কবিতা আদি ৰচনা কৰি এক চমু জীৱনৰ বিশাল চিনাকি তুলি ধৰিবলৈ সক্ষম হোৱা বুলি কয় । চাহ জনগোষ্ঠী সাহিত্য সভাৰ সম্পাদক সঞ্জীৱ কৈৰী, উপসভাপতি মনমোহন চিক, এচিএমএচ নাজিৰাৰ প্ৰাক্তন সম্পাদক উপেন চাহু, সাংবাদিক ভাস্কৰজ্যোতি বৰগোহাঞি, শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য্য গোপাল বৰুৱা, শিক্ষক শ্বাহ-আলম, সাংবাদিক প্ৰকাশ কুৰ্মী আদিয়ে সভাত বক্তব্য দাঙি ধৰে । সভাত বক্তাসকলে চাহ জনগোষ্ঠী সাহিত্য সভাই বসন্ত ৰাজোৱাৰৰ ৰচনা সমূহ প্ৰকাশ কৰাৰ ক্ষেত্ৰত পদক্ষেপ লোৱাত গুৰুত্ব আৰোপ কৰে । আনহাতে চাহ জনগোষ্ঠী সাহিত্য সভাৰ উদ্যোগত নাজিৰা চাহ মজদুৰ সংঘত অনুষ্ঠিত সভাত শিৱসাগৰ জিলা চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কালিন্দীয়ে সভাপতিত্ব কৰে । সম্পাদক অজিত মালে উদ্দেশ্য ব্যাখ্যা কৰা সভাত কেইবাজনো বিশিষ্ট বক্তাৰ লগতে প্ৰহ্লাদ গোৱালা, ৰুণীমা মজিন্দাৰ বৰুৱাই বসন্ত ৰাজোৱাৰৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰে । কাৰ্য্যসূচীৰ শেষত বসন্ত ৰাজোৱাৰৰ পত্নী কল্পনা হাজৰিকা ৰাজোৱাৰ, কন্যা পূজা ৰাজোৱাৰ সমন্বিতে ময়ূৰী ৰাজোৱাৰে শলাগৰ শৰাই আগবঢ়ায় ।