চানমাৰীৰ উৰণীয়া সেঁতুৰ তলতে চলন্ত ৰে’লত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড

চানমাৰীৰ উৰণীয়া সেঁতুৰ তলতে চলন্ত ৰে’লত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড
ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ চানমাৰীৰ উৰণীয়া সেঁতুৰ তলতে চলন্ত ৰে’লত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। নামনিমুৱা গুৱাহাটী সবৰমতী বেংগালুৰু এক্সপ্ৰেছ যাত্ৰীবাহী ৰে’লখনৰ এটা দবাত এই অগ্নিকাণ্ড সংঘটিত হৈছে। দপদপকৈ জ্বলি উঠিছে যাত্ৰীবাহী ৰে’লৰ এটা দবা। সৌভাগ্যক্ৰমে দবাটোত কোনো যাত্ৰী উপস্থিত নাছিল বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ বাবে এইমুহূৰ্তত আন ৰে’লৰ চলাচল ব্যাহত হৈছে। উল্লেখযোগ্য যে, ৱাশ্বিঙৰ কাৰণে আহিছিল ৰে’লখন আৰু ইঞ্জিনটো এৰুৱাই লৈ গৈছে ৰে’ল কৰ্তৃপক্ষই। ইতিমধ্যে অগ্নি নিৰ্বাপণ কৰিছে অগ্নি নিৰ্বাপণ বাহিনীয়ে।