চাকৰি পৰীক্ষাত চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত নম্বৰ দিয়া প্ৰণালী বন্ধ কৰক- পিংকু ডেকা

Pc The Economic Times
চাকৰি পৰীক্ষাত চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত নম্বৰ দিয়া প্ৰণালী বন্ধ কৰক
সমগ্ৰ ৰাজ্য খনতে ভুৱা চাৰ্টিফিকেটৰ বজাৰ খনে বিভিন্ন সময়ত বৰ বেয়াকৈ শিপাই আহিছে। বিশেষকৈ ভুৱা টেটৰ চাৰ্টিফিকেটৰ বেহাই সমগ্ৰ ৰাজ্য খনত ইতিমধ্যে তোলাপাল লগাই তুলিছে। ইয়াৰ বাহিৰেও সময়ে সময়ে বিভিন্ন ধৰণৰ ভুৱা চাৰ্টিফিকেটৰ বেহাই গা কৰি উঠা দেখা যায়। এই চাৰ্টিফিকেটৰ চাহিদা মূলতঃ চৰকাৰী চাকৰি সমূহৰ নিযুক্তিৰ সময়ছোৱাতেই ঠন ধৰি উঠা দেখা যায়। কিয়নো দেখা যায় যে অসম চৰকাৰ প্ৰায়বোৰ নিযুক্তি প্ৰক্ৰিয়াত অতিৰিক্ত চাৰ্টিফিকেটৰ বাবে প্ৰাৰ্থীক অতিৰিক্ত নম্বৰ দিয়া প্ৰণালী পূৰ্বৰ পৰা চলি আহিছে। সেই গতিকে দুই এজন প্ৰাৰ্থীৰ বাহিৰে এই অতিৰিক্ত চাৰ্টিফিকেট নথকা প্ৰাৰ্থী সকলে কম সময়তে ভিতৰতে বিভিন্ন অনুষ্ঠানৰ পৰা এই চাৰ্টিফিকেট ক্ৰয় কৰাৰ বাতৰি সংবাদ মাধ্যমৰ আগত বিভিন্ন সময়ত প্ৰকাশ পাই আহিছে। যিহেতু এই অতিৰিক্ত চাৰ্টিফিকেটৰ পৰা প্ৰাৰ্থী সকলে ভাল এটা মোটা নম্বৰ পাবলৈ সক্ষম হয়। সেই গতিকে পইচা দি হলেও কম সময়ৰ ভিতৰতে কিছুমান প্ৰাৰ্থীয়ে এই চাৰ্টিফিকেটৰ বজাৰৰ পৰা চাৰ্টিফিকেট সংগ্ৰহ কৰে। এতিয়া কথা হল যে এই ভুৱা চাৰ্টিফিকেটৰ বজাৰ খন চৰকাৰে কিদৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হব ? আমাৰ বিচাৰ অনুযায়ী ৰাজ্য চৰকাৰৰ নিযুক্তি বিভাগ সমূহে চৰকাৰী  চাকৰিৰ পৰীক্ষা প্ৰক্ৰিয়া সময়ছোৱাত অতিৰিক্ত চাৰ্টিফিকেটৰ বাবে অতিৰিক্ত একো একোটা মোটা নম্বৰ দিয়া ব্যৱস্থাটোৰ অৱসান ঘটাব লাগে। যিহেতু প্ৰায়বোৰ চৰকাৰী চাকৰিৰ বাবেই একো একোটা নিৰ্দিষ্ট লিখিত পৰীক্ষা পদ্ধতি সমাপন কৰা হয়। এই পৰীক্ষা পদ্ধতিৰ ওপৰত ভিত্তি কৰিয়েই প্ৰাৰ্থীৰ নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত নম্বৰ দিয়া ব্যৱস্থাটোৰ পৰিহাৰ কৰিব লাগে  আৰু তেতিয়াই হয়তো এই চাৰ্টিফিকেটৰ বজাৰ খনে গা কৰি উঠিবলৈ সক্ষম নহব। গতিকে আশা ৰাখিম ৰাজ্য চৰকাৰৰ দ্বাৰা আগন্তুক সময়ত নিযুক্তি দিব বিচৰা 100000 চৰকাৰী চাকৰিৰ ক্ষেত্ৰত নিম্নতম প্ৰয়োজনীয় অৰ্হতাৰ বাহিৰে অন্য ভিন্ন চাৰ্টিফিকেটৰ বাবে অন্য একো একোটা মোটা নম্বৰ দিয়া প্ৰণালীটো পৰিহাৰ কৰি উপযুক্ত প্ৰকৃত প্ৰাৰ্থীক নিযুক্তি কৰিব বুলি আশা ৰাখিলো।
পিংকু ডেকা ,
ভেৰগাঁও, ওদালগুৰি