“চাকৰি আৰু দূৰ্নীতি” এটি মুদ্ৰাৰ দুটি পিঠি – কাজি শ্বাহাদত ইছলাম

PC - Linkedin
“চাকৰি আৰু দূৰ্নীতি” এটি মুদ্ৰাৰ দুটি পিঠি
কাজি শ্বাহাদত ইছলাম, কাহিলীপাৰা
“চাকৰিৰ আৰু দূৰ্নীতি” শব্দ দুটা অতীজৰে পৰা এটি মুদ্ৰাৰ দুটি পিঠি হিচাপে পৰিগণিত হৈ আহিছে। শিক্ষাৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলৰ যিমানেই দক্ষতা নাথাকক কিয় চাকৰি ল’বলৈ যে এপাহাৰ টকা দিবলগীয়া হয় এই বিষয়টো মানুহৰ মন মগজুত লিপিত খাই আছে। এটা সম‌য় আছিল, দেশত শিক্ষিতৰ হাৰ নিচেই কম আছিল।এখন গাঁৱত এজন দুজন হে শিক্ষিত লোক পোৱা গৈছিল।সেইটো সময়ত পঢ়াৰ বহুত মূল্য আছিল কাৰণে মেট্ৰিক ফেইল কৰা ছাত্ৰ এজনৰ ঘৰতো চৰকাৰে নিজাববীয়াকৈ চাকৰিৰ নিযুক্তি পত্ৰ পঠিয়াই দিছিল। তেতিয়া কম শিক্ষিত লোক সকলে উচ্চ বিভাগৰ চাকৰিসমূহ লাভ কৰিছিল। বহুতেই চৰকাৰী চাকৰিৰ প্ৰতি আগ্ৰহীও নাছিল। সেই দিনবোৰ এতিয়া ইতিহাস হ’ল। আজিকালি অতি সামান্য দৰমহাৰ চাকৰি এটাৰ কাৰণেও বহু উচ্চ শিক্ষিত যুৱক-যুৱতীক শাৰী পতা দেখা যায়। চাকৰিৰ পদ আৰু প্ৰাৰ্থীৰ সংখ্যাৰ লগত তুলনা কৰিলে “এপাচি শাকত এটা জালুক” যেন অনুভৱ হয়।যিকি নহওক, সকলো দলৰ দৰে বিজেপি দলেও  শেহতীয়াকৈ দেশৰ পৰা দূৰ্নীতি নাইকীয়া কৰাৰ প্ৰতিশ্ৰুতিৰে আসন দখল কৰিলে। বিশেষকৈ  হিমন্ত বিশ্বশৰ্মা মুখ্যমন্ত্ৰী হোৱাৰে পৰা মাজে সময়ে দেখা পাওঁ ঘোচ লোৱা অফিচাৰ বিলাকৰ মুখা খুলি হাত দাঙি ধৰা হয়। বিষয়টো‌য়ে যোগাত্মক ধাৰা এটাৰ সূচনা কৰিলে বুলি জনসাধাৰণে সামান্য হ’লেও মনত সকাহ পাবলৈ আৰম্ভ কৰিলে। দেশজুৰি আৰম্ভ হ’ল পৰীক্ষা দি পাছ কৰি বিনা পইচাত চাকৰি পোৱাৰ এটি নতুন প্ৰথা। সকলোৱে শৰ্মা চৰকাৰৰ এই পদক্ষেপক আদৰণি জনালে। কিন্তু শেহতীয়াকৈ কিছুমান নতুন বাতৰিয়ে জনসাধাৰণক আকৌ শংকাৰ সাগৰত ডুবাই দিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুকু ফিন্দাই কোৱাৰ দৰে নিৰ্ভেজাল নিযুক্তিৰ ক্ষেত্ৰত প্ৰশ্ন উঠিব ধৰিলে। বিজেপি দলৰ কিছুমান নেতা-কৰ্মীৰ পৰাই বাজপেয়ী ভৱনত চাকৰিৰ বেহা চলাৰ তথ্য পোহৰলৈ আহিব ধৰিলে। এই লক্ষণ একেবাৰেই শোভনীয় নহয়।আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰতি গভীৰ আস্থা আছে, মুখ্যমন্ত্ৰীয়ে এইবোৰ কথাত গুৰুত্ব দি নিজে কোৱা ধৰণে চাকৰি নিযুক্তিৰ প্ৰক্ৰিয়াটো নিৰ্ভেজাল কৰিব লাগে।