চল্লিশ বছৰত ভৰি এটা ঐতিহাসিক কাহিনী
চনটো আছিল ১৯৮৩ হঠাৎ এদিন গোটেই ভাৰতত নামিছিল আনন্দৰ লহৰ। হৈ পৰিছিল এটি ইতিহাস। খোদিত হৈছিল সোণালী আখৰেৰে এটি দিন ইতিহাসত আৰু তেতিয়াৰ সেই দিনটোৱেই ২০২৩-ত ভৰি দিলে চল্লিশ বছৰত। ইংৰাজৰ দেশ ইংলেণ্ডৰ মাটিত সেই দিনা এজাক ভাৰতীয় প্ৰতিভাই দেখুৱাইছিল আমাৰ শক্তি। আৰু কৰিছিল বিশ্ব বিজয়।
সেই প্ৰতিভা কেইজনৰ ভিতৰত কেইজন মানৰ নাম আছিল কপিল দেৱ, সুনীল গাভাস্কাৰ, মহিন্দ্ৰ অমৰনাথ, মদনলাল, ৰবি শাস্ত্ৰী। এতিয়া বুজিব আপোনাৰ বাকী নাই যে এইয়া ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম বিশ্ব কাপ ক্ৰিকেটৰ থিতাপ জয়ৰ কথা যে মই কৈ আছোঁ।
সহজ নাছিল এই জয়। বহুত বাধা নেওচি সাহসেৰে প্ৰতিৰোধ কৰি প্ৰেছিডেন্সি বিশ্ব কাপ ক্ৰিকেট বুলি জনাজাত এই ক্ৰিকেট ইতিহাসৰ তৃতীয় বিশ্বকাপ খন জয় কৰিছিল ভাৰতীয় দলে।
শক্তিৰ দিশত চালুকীয়া অৱস্থাতে থকা তেতিয়া ভাৰতীয় দলৰ ওপৰত নাছিল কাৰো বিশ্বাস যে তেওঁলোকে জয় কৰিব এই প্ৰতিযোগিতা। প্ৰথম প্ৰযায়ত মিশ্ৰিত প্ৰদৰ্শন দাঙি ধৰা ভাৰতে ফাইনেল পোৱাৰ আগৰ খন খেলতো কানে কান মাৰি হে জয় হৈছিল বুলি কলেও বেছি কোৱা নহয়। বহুতে ভাবিছিল তেতিয়াৰ বিশ্ব ক্ৰিকেটৰ সিংহ বুলি কোৱা ওৱেছ ইণ্ডিজ দলেই এই বাৰু নিব বিশ্বকাপ ট্ৰফী, সিফালে ইংলেণ্ড, অষ্ট্ৰেলিয়া ও দুটা শক্তিশালী দল। মুঠতে এই তিনি দলৰ ভিতৰতে থাকিব অন্তিম খেল সমূহ বুলি কিন্তু সকলো কথা তল পেলাই সকলো হিচাপ খেলি মেলি কৰি ভাৰতে পাইছিল চূড়ান্ত পৰ্য্যায়ৰ খেলত অংশ লোৱা সুযোগ। পিছে এই সুযোগ পোৱাৰ পাছতো কোনেও ভবা নাছিল ভাৰত জিকিব বুলি কাৰণ সন্মুখত ওৱেছ ইণ্ডিজ যাক এনেই পৰাস্ত কৰাটো এক প্ৰকাৰে অসম্ভৱ বুলি ক’ব পাৰি তাতে ইয়াৰ আগৰ দুই খন বিশ্বকাপৰ সিহঁতে জিকিছে আকৌ সেইবাৰৰ প্ৰতিযোগিতাটো তেওঁলোকে যি দৰে আগুৱাই আহিছিল তাক চাই ভাৰত আছিল এটা সামান্য দল তেওঁলোকৰ বাবে তাতে লীগত ভাৰতক হেৰুৱাই নিজৰ শক্তি আগেই দি থৈছিল তেওঁলোকে।
যথা সময়ত সেই বিশেষ খেলখন আৰম্ভ হৈছিল। ভাৰতীয় বেটাৰক দিশহাৰা কৰি পেলাইছিল তেওঁলোকৰ বলাৰে।তাৰ পাছত সিহঁতৰ বেটাৰে দমন আৰম্ভনি কৰিছিল ভাৰতীয় বলাৰৰ ওপৰত। খেল গুচি গৈছিল ভাৰতৰ হাতৰ পৰা। এটা সপোন ভাগি যোৱাৰ দুখত প্ৰতি জন ভাৰতীয় অনুৰাগী হতাশ হৈ পৰিছিল সিফালে ভাৰতীয় বলাৰে এৰি দিব বিচৰা নাছিল খেল। সেয়ে তেওঁলোকে সুযোগ বুজি কৰি গৈছিল ইণ্ডিজ বেটাৰক আক্ৰমণ যিয়ে এটা সময়ত ইণ্ডিজ দলক বিপদৰ মুখলৈ ঠেলি দিছিল ,এটা সময়ত এই আক্ৰমণৰ ফলতেই অসহায় হৈ পৰি খেল এৰি দিলে ভাৰতলৈ বুলি আৰু বাকী খিনি আজিলৈ ইতিহাস।
বৰ্তমান ভাৰত বিশ্ব ক্ৰিকেটৰ এটা ডাঙৰ নাম। ভাৰতীয় আবেগ প্ৰকাশিত হোৱা এই খেলত চলি বৰ্তমানৰ সোণালী যুগৰ আৰম্ভণি হৈছিল তাৰ পৰাই। ক্ৰিকেটক ধৰ্ম হিচাপে গণ্য কৰা বুলিব পৰা এই ভাৰতৰ যিমান বোৰ খেল আছে সকলো ভিতৰত অধিক জনপ্ৰিয় ক্ৰিকেটৰ এই কাহিনী আচলতে ক’বলৈ গলে প্ৰেৰণাৰ অন্য এক নাম। যিয়েই দশক,দশক ধৰি কৰি দি আছে অণুপ্ৰেৰণা।
অকল ক্ৰিকেটত নহয় দেশৰ প্ৰতিটো খেলত অতীত আৰু বৰ্তমানত আৰু দি যাব ভৱিষ্যতে ও তাত নাই কোনো সন্দেহ।।
মুন শৰ্মা,লখিমপুৰ, বছাগাঁও