চন্দ্ৰযান – ৩ – লখিমী শৰ্মা

PC - NDTV
 চন্দ্ৰযান – ৩ 
লখিমী শৰ্মা, যোৰহাট
গৰ্বিত আজি সকলো
চন্দ্ৰযান – ৩ ৰ সফল
অৱতৰণৰ প্ৰাকক্ষণত
ধন্য আজি দেশ
ধন্য আজি সাহসৰ শিকলি বান্ধি
যুঁজ দিবলৈ যোৱা মহাকাশ যাত্ৰীসকললৈ
নিজৰ জীৱনটোক নেওচি
সৎ সাহসত আগবাঢ়ি যোৱা
সকললৈ শত সহস্ৰ প্ৰণাম
ISRO ৰ প্ৰতিগৰাকী
শ্ৰদ্ধাৰ বৈজ্ঞানিক সকললৈ
শত কোটি প্ৰণাম
ভগৱন্তই ৰাখক কৃপাদৃষ্টি
তেখেতসকললৈ প্ৰতি ,
ইতিহাস সৃষ্টিৰে চন্দ্ৰৰ দক্ষিণ মেৰুত
অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন
দেশ হিচাপে অভিলেখ সৃষ্টি কৰাত
সকলো আজি গৌৰৱান্বিত
আগৰ বাৰত বিফল হোৱাত
থমকি নৰ’ল সাহসী মহাকাশযাত্ৰীসকল
পুনৰ উদ্যমেৰে আগবাঢ়ি দেখুওৱাই দিলে
ভাৰত একোতে কম যে নহয়
চল্লিশ দিনীয়া কাৰ্যসূচীৰে
আনিলে কঢ়িয়াই ভাৰতৰ নাম
অসমক গৌৰৱান্বিত কৰি
দেশ মাতৃৰ সেৱাত অসম সন্তান
জোনবাইৰ দেশত জিলিকি ৰ’ল
জাতীয় পতাকাৰগান ,
ইতিহাসৰ পাতত
সোণালী আখৰেৰে
লিখা গ’ল আৰু এক অধ্যায়
বৈজ্ঞানিক সকলৰ প্ৰচেষ্টাৰ বাবেই
” ভাৰতবৰ্ষ ” আজি জিলিকি ৰ’ল
এক গৌৰৱময় স্বৰ্ণিল পৰিক্ৰমাৰ
ঐতিহাসিক ক্ষণৰ আজি
ঘটিল পৰিসমাপ্তি ।।