চন্দ্ৰযানে কৰিব পাৰে মানৱ জাতিক অলেখ কল্যাণ – মুন শৰ্মা

PC - NDTV
চন্দ্ৰযানে কৰিব পাৰে মানৱ জাতিক অলেখ কল্যাণ
মুন শৰ্মা, লখিমপুৰ
অৱশেষত সেই দিনটো আহিল, চল্লিশ দিনৰ দীঘলীয়া যাত্ৰাৰ অন্তত চন্দ্ৰযান নামিল চন্দ্ৰৰ বুকুত।লগে লগে ইতিহাস, লগতে বিজ্ঞানৰ ইতিহাসত  সোণালী আখৰে লিখিত হল ভাৰতৰ নাম।২০১৯ৰ মিছন ফেল হোৱাৰ পাছত চেষ্টা কৰা এই প্ৰচেষ্টা সফল হোৱাৰ বাবে  দেশৰ বিজ্ঞানী সকলে যি কষ্ট কৰিলে তাৰ বাবেই যে এই সাফল্য আহিল তাত কোনো দিমত নাই।এতিয়া কথা হল,ইয়াক যদি আমি এফালে ক’ব খোজোঁ ভাৰতৰ চন্দ্ৰ জয়,আনফালে আকৌ বিজ্ঞানৰ ইতিহাসত ভাৰতৰ বিজ্ঞানী শক্তি প্ৰমাণ, দেশৰ প্ৰতিভাৰ পৰিচয় চানেকি।যদি কব লগা হয়তেতিয়া,  সময়ে সময়ে দেখুৱাই আহিছে  দেশৰ বিজ্ঞানীয়ে নিজৰ  প্ৰতিভা, হোমি জাহাঙ্গীৰ ভাবা, বিক্ৰম চাৰাভাই, এ.পি. জে.আব্দুল কালামৰ, পৰা আদি কৰি এখন দীঘলীয়া তালিকা যিয়ে অকল ভাৰতৰ বাবে নহয় বিশ্বৰ মানৱ জাতিৰ বাবে বিজ্ঞানৰ দ্বাৰা দি গৈছে অলেখ  অৰিহণা।এতিয়া কথা হ’ল তেওঁলোকৰ অনুপ্ৰেৰণা দ্বাৰাই আগুৱাই আহি আহি আজিৰ বিজ্ঞানী সকলে কৰি তোলা সফল  চন্দ্ৰ অভিযানৰ  ও হ’ব  দেশৰ লগতে সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ কল্যাণৰ বাবে এক ডাঙৰ কৰ্ম। যিয়ে সমগ্ৰ বিশ্বৰ জনগণৰ বহুতো প্ৰশ্নৰ উত্তৰ,বহুতো প্ৰয়োজনীয় সমলৰ উৎস দিয়া বহুত সম্ভাৱনা। সেয়ে নেকি আমাৰ ভাৰতৰ এই বিজয় অকল ভাৰততে নহয় বিশ্বতে উঠিছে আনন্দৰ এজাক ঢৌ। গতিকে অভিনন্দন  প্ৰতি জন  ভাৰতীয় বিজ্ঞানী  তোমালোকৰ বাবেই  আজি আমি বিশ্বৰ প্ৰতিজন মানৱে দেখিছোঁ বহুত সময় ভৱিষ্যতলৈ।