চক্ৰ বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

pc- Facebook

চক্ৰ বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

অনলাইন বাৰ্ত্তসেৱা- গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হোৱা ৰাজ্যৰ অতিৰিক্ত উপায়ুক্ত, ৰাজহ চক্ৰ বিষয়া আৰু চক্ৰ বিষয়া(সংলগ্ন)সকলৰ সন্মিলনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি চক্ৰ বিষয়াসকলক দালালৰ পৰা দূৰত থাকিবলৈ সকীয়নি দিয়ে। লগতে তেওঁ কয় চক্ৰ বিষয়াৰ কাৰ্য়ালযত বন্ধ হ’ব লাগিব মাটিৰ দালালৰাজ। দালালক মতাই আনি গামোছা পিন্ধাই বিদায় দিয়ক, ভৱিষ্যতে যাতে কোনো দিন আৰু চক্ৰ বিষয়ৰ কাৰ্যালয়লৈ দালালসকল উভতি নাহে। ২ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া মিছন বসুন্ধৰাৰ ৰূপায়ণৰ প্ৰসংগত চক্ৰ বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে সকলো চক্ৰ বিষয়াসকলক পৰামৰ্শ দিয়ে যে চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহ এতিয়াৰ ৰা মুক্ত কৰি গঢ়ি তলিব লাগে যাতে সধাৰণ লোকে দালাল নোহোৱাকে কৰ্যালয়ত আহি নিজৰ কাম কৰি যাব পাৰে। লগতে তেওঁ ভূমি সস্পৰ্কীয় সকলো কাম-কাজৰ পৰা মধ্যভোগীক আঁতৰ কৰি কোনো ধৰণৰ বাধা নোহোৱকৈ ভূমি সম্পৰ্কীয় কাম-কাজসমূহ যাতে সাধাৰণ জতই কৰ্যালয়লৈ গ সমাপন কৰিব পাৰে সেয়া নিশ্চিত কৰিবলৈ এক পৰিৱেশ গঢ়ি তুলিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। চাৰ্ক অফিচাৰৰ ওচৰল সাধাৰণ ৰাইজ নাহে, দালালসকলহে আহে বুলি মুখ্যমন্ত্ৰীৰ স্পষ্ট মত। চক্ৰ বিষয়াসকলক কঠোৰ সকীয়নি দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় এতিয়াৰে পৰা চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহ দুৰ্নীতিমুক্ত হ’ব লাগে। মিছন বসুন্ধৰা আৰম্ভ কৰাৰ পাছত দালালৰাজ বন্ধ কৰিব লাগে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় তেওঁৰ হাতত এনে কিছুমান তথ্য আছে যে চক্ৰ বিষয়াই কাৰ্যালয়ৰ কাম-কাজৰ গোপন পাছৱৰ্ড ব্যক্তিগত লোকক বিশেষকৈ দালালক দি দিয়ে। মুখ্যমন্ত্ৰীয়ে এই প্ৰসংগতে ৰাজহ চক্ৰ কাৰ্য়ালয়ত সংঘটিত হৈ থকা ব্যাপক দুৰ্নীতি-অনিয়ম আৰু দালালৰাজৰ বাস্তৱ অভিজ্ঞতাৰ কথা কয়- মই মন্ত্ৰী হৈ থাকোতে মোৰ নিজৰ মাটিৰ কাম মই দালালৰ জৰিয়তেহে কৰাইছিলো। মিছন বসুন্ধৰা আৰম্ভ হোৱাৰ পাছত যদি চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালাল যায় তেন্তে তেওঁলোকক পোনে পোনে গ্ৰেপ্তাৰ কৰোৱা হ’ব।

 

(RT)