ডিজিটেল কেমেৰা ভাৰাত লৈ অনলাইনত বিক্ৰী কৰি গ্ৰেপ্তাৰ

pc- digital photo Secrets

ডিজিটেল কেমেৰা ভাৰাত লৈ অনলাইনত বিক্ৰী কৰি গ্ৰেপ্তাৰ

অনলাইন বাৰ্ত্তাসেৱা- মহানগৰ গুৱাহাটীত যিদৰে প্ৰতাৰকৰ অভাৱ নাই, সেইদৰে প্ৰতাৰণাৰো নিত্য নতুন কৌশলৰ অভাৱ নাই । ভঙাগড় আৰক্ষী থানা এলেকত সংঘটিত এক প্ৰতাৰণাৰ অভিযোগত ভঙাগড় আৰক্ষীয়ে দুই প্ৰতাৰকক গ্ৰেপ্তাৰ কৰে। ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই প্ৰতাৰক হ’ল মুকুট আলী আৰু ললিত কুমাৰ সাহাই। মুকুট আলী আৰু ললিত কুমাৰ সাহাই দুটা ভিন্ন প্ৰতিষ্ঠানৰ পৰা দুটাকৈ ডিজিটেল কেমেৰা ভাৰাত লয় কেমৰ দুটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ঘূৰাই দিয়াৰ বিপৰীতে দুয়ো অনলাইনযোগ বিক্ৰী কৰে। কেমেৰা ঘূৰাই নিদিয়াত প্ৰতিষ্ঠান দুটাই মুকুট আৰু ললিতাক ফোন ৰিচিভ নকৰাত সন্দেহ হয় আৰু ভঙাগড় ছানাত এজাহাৰ দাখিল কৰে। গোচৰ ৰুজু কৰি দুয়োকে গ্ৰেপ্তাৰ কৰাৰ পাছত ভঙাগড় আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰ মহানগৰীৰ বিভিন্ন থানা এলেকাত এনেধৰণৰ প্ৰতাৰাণাৰ একাধিক ঘটনা ইতিপূৰ্বে সংঘটিত হৈছে। ধৃত প্ৰতাৰক দুটাক আদালতে জেললৈ প্ৰেৰণ কৰিছে।

 

(RT)