ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল আবকাৰী বিষয়া
ৰঙিলী বাৰ্ত্তাসেৱা- জনতা ভৱনত ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল আবকাৰী বিষয়া।অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা বুলি জানিব পৰা হৈছে ৷ দুৰ্নীতি নিবাৰক শাখাই বুধবাৰে উৎকোচ লোৱা সময়তে হাতে-লোটে কৰায়ত্ত কৰে বিষয়াজনক ।আবকাৰী বিভাগৰ ছেকচন অফিচাৰ পাৰ্থ হাজৰিকা।২৫ হাজাৰ টকা উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ হয় পাৰ্থ হাজৰিকা। পূৰ্বেও ৪০ হাজাৰ টকাৰ ঘোচ লোৱাৰ অভিযোগ বিষয়াজনৰ বিৰুদ্ধে। পাৰ্থ হাজৰিকাৰ ঘৰ নলবাৰী জিলাৰ বৰনৰ্দীত বুলি জানিব পৰা গৈছে। বাৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত ২৫ হাজাৰ টকা উৎকোচ লৈছিল এইগৰাকী ঘোচখোৰ বিষয়াই। জনতা ভৱনৰ ডি ব্লকত চলিছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।