গৰীয়া পৰিষদ আৰু অসমীয়া মুছলিম পৰিষদৰ সংবাদ মেল

গৰীয়া পৰিষদ আৰু অসমীয়া মুছলিম পৰিষদৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা-  খিলঞ্জীয়া অসমীয়া মুছলমান মোগলৰ বংশধৰ নহয়,যুদ্ধ বন্দী নহয়,আক্ৰমণকাৰী নহয়৷-এই মন্তব্য অসমীয়া গৰীয়া পৰিষদৰ সভাপতি আব্দুল হামিদৰ৷ দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত আব্দুল হামিদে পুনৰ কয়- কালক্ৰমত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল কিন্তু কনভাৰ্ট মুছলিম নহয়৷তেওঁলোকে বহুত বছৰ কোনো ধৰ্ম বা হিন্দু ধৰ্মত জড়িত নাছিল৷এনে আছিল ইছলামৰ ৰীতি নীতিত মুগ্ধ হৈ ইছলাম গ্ৰহণ কৰিছিল৷আজান পীৰ অহাৰ পাছত ইছলাম বহলভাৱে প্ৰচাৰ হয়৷অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত অসমীয়া মুছলমানৰ সাংস্কৃতিক পৰিচয় সংৰক্ষণ, সুৰক্ষা আৰু উত্তৰণৰ হকে পৰামৰ্শ বিচাৰি গঠন কৰা ‘সাংস্কৃতিক পৰিচয় উপ সমিতি’ৰ প্রতিবেদন প্রকাশিত খিলঞ্জীয়া অসমীয়া মুছলিমৰ চমু ইতিহাসৰ টোকাটোৰ পৰা নিম্নলিখিত ভিত্তিহীন তথ্যসমূহ প্রত্যাহাৰ কৰি প্রতিবেদনখন সংশােধন কৰিবলৈ আমি উপ সমিতিৰ অধ্যক্ষ তথা সাংবাদিক ৱাছবিৰ হুছেইনক আহ্বান জনাইছোঁ। প্রতিবেদনত উল্লেখ কৰা ধৰণে গৰীয়া (অসমীয়া মুছলিম)সকল মােগলৰ লােক নহয়। গৰীয়া বা অসমীয়া মুছলিম সকল আন অর্থ হিন্দু ধৰ্মৰ পৰা ইছলাম ধৰ্মলৈ ধর্মান্তৰিত লােক নহয়। গৰীয়া সকলে স্থানীয় মহিলা বিয়া পাতি অসমতে থিতাপি লৈছিল বুলি উল্লেখিত তথ্য ভিত্তিহীন। অসমীয়া মুছলিম সকলৰ ক্ষেত্ৰত এনে ভিত্তিহীন তথ্যই সম্প্রদায়টোৰ অধিকাৰ, পৰিচয় আৰু মৰ্যদা হানি কৰি আহিছে। এনে বিকৃত তথ্যই অসমীয়া জাতিৰ মূল সূতিৰ পৰা অসমীয়া মুছলিম তথা গৰীয়াসকলক বিচ্ছিন্ন কৰি আহিছে। খিলঞ্জীয়া অসমীয়া মুছলিম সকলৰ সৰ্বাঙ্গীন উন্নয়নৰ হকে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঐতিহাসিক আৰু আন্তৰিক পদক্ষেপ গ্রহণ কৰাৰ সময়তে আমি স্পষ্ট কৰিব বিচাৰাে যে প্রতিবেদনত উল্লেখ থকা ধৰণে খিলঞ্জীয়া অসমীয়া মুছলিম- চৈয়দ, গৰীয়া, মৰীয়া, দেশী আৰু জোলহাৰ ভিতৰত গৰীয়া (অসমীয়া মুছলিম) সকল বৃহত্তম জনগােষ্ঠী। গৰীয়া সকলেই বর্তমানৰ অসমীয়া মুছলিম সম্প্রদায়টোৰ নির্মাতা। সমস্ত গৰীয়া ইছলামধর্মী (মুছলমান) যদিও এওঁলােকৰ ভাষা কৃষ্টি সংস্কৃতি আৰু পৰম্পৰা থলুৱা আৰু অসমীয়া। চহকী কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্যৰ অধিকাৰী গৰীয়াসকল শিক্ষা, আর্থ-সামাজিক আৰু ৰাজনৈতিক অধিকাৰৰ ক্ষেত্ৰত অতি পিছপৰা। ধর্মীয় সংখ্যালঘুৰ নামতাে স্বাধীনতাৰ ৭৫ বছৰে গৰীয়াসকল বঞ্চিত আৰু প্ৰতাৰিত হৈ আহিছে। গৰীয়া বুলি পৰিচিত অসমীয়া মুছলিম সকলৰ অধিকাৰ, ঐতিহ্য, কৃষ্টি-সংস্কৃতি, ভাষা আদিৰ সংৰক্ষণ আৰু উন্নয়ন নিশ্চিত নােহােৱাকৈ খিলঞ্জীয়া অসমীয়া মুছলিম উন্নয়নৰ প্রতিবেদন অর্থহীন হ’ব। এনেধৰণৰ প্রতিবেদনে অসমীয়া মুছলিমৰ উন্নয়নৰ পৰিপন্থী হৈ পৰিব৷গৰীয়াসকলৰ অস্তিত্ব ৰক্ষাৰ বিষয়টো গভীৰভাৱে বিবেচনা কৰিবলৈ সাংস্কৃতিক পৰিচয় উপ সমিতিৰ অধ্যক্ষ ৱাছবিৰ হুছেইনৰ প্রতি আমি আহ্বান জনাইছোঁ। অধ্যক্ষ ৱাছবিৰ হুছেইনৰ প্রতি আমি গভীৰ আস্থা বিশ্বাস ৰাখিছাে। খিলঞ্জীয়া অসমীয়া মুছলিমৰ সৰ্বাঙ্গীণ উন্নয়নৰ বাবে আন্তৰিক উদ্যোগ গ্রহণ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক আমি ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ।সংবাদ মেলত অসমীয়া মুছলিম পৰিষদৰ সভাপতি ৰহমচা আলী আদি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে৷