গোৱালপাৰাত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান

Pc Facebook

ৰঙিলী বাৰ্ত্তাসেৱা- বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ অংশস্বৰূপে অচিৰেই গোৱালপাৰা বনাঞ্চলৰ অবৈধ দখলৰ বিৰুদ্ধে উচ্ছেদ চলাব প্রশাসনে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিলে। গোৱালপাৰাস্থিত সৈনিক স্কুল পৰিদৰ্শন কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই চৰকাৰৰ নীতিসমূহ আগৰ দৰে নহয়, চৰকাৰৰ নীতি উল্টা। পূর্বে যি চলি আছিল, সেয়া এতিয়া নচলিব। দৰিদ্ৰ লোকসকলে উচ্ছেদৰ পৰা হাত সাৰিবলৈ স্থানীয় বিধায়কৰ জৰিয়তে উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰে। এয়া এক উপায় আছে। অন্যথা উচ্ছেদৰ সন্মুখীন হ’ব লাগিব। আনহাতে গোৱালপাৰাত ভয়াৱহ জনবিস্ফোৰণ হোৱা বুলি আঙুলিয়াই মুখ্যমন্ত্ৰীয়ে কয়- ২০০১ চনৰ পৰা হৈ থকা এই জনবিস্ফোৰণ নিয়ন্ত্ৰণ কৰিব লাগিব। নহ’লে থাকিবলৈ ঠাই নাথাকিব। একাংশ মহাজনে বহু পৰিমাণৰ মাটি দখল কৰি থকা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গৰাখহনীয়াত জাহ যোৱা বুলি একাংশ লোকে চৰকাৰী ভূমি বেদখল কৰে। কিন্তু মহাজন আৰু মাতব্বৰে বহু মাটি দখল কৰি থৈছে। খহনীয়াত ভূমি জাহ যোৱা লোকসকলক মহাজনে এক-ডেৰ কঠাকৈ মাটি দিলে সকলোৱে ভূমি পাব। আনহাতে, গোৱালপাৰাৰ বনাঞ্চলত কিছু লোকে ৰবৰৰ খেতি কৰাক লৈও মুখ্যমন্ত্রীয়ে অসন্তুষ্টি প্রকাশ কৰে। তেওঁ কয়— এয়া কোনো বিপ্লব নহয়। ১০০জন লোকৰ বাবে আমি বনাঞ্চল ধ্বংস হ’বলৈ নিদিওঁ। তেওঁলোকে শাল, চেগুন গছ ৰোৱক। কিন্তু বনাঞ্চল কাটি উপাৰ্জন কৰা দেখুৱালে নহ’ব। ১০০জন মহাজনক সুৰক্ষা দিয়াটো চৰকাৰৰ কাম নহয়। বিধায়কসকলক ম‍ই কৈছোঁ উচ্ছেদ কৰিলে আমাৰো বেয়া লাগে। কিন্তু উপায় নাই। স্থানীয় বিধায়কসকলে ন্যায়ালয়ৰ দ্বাৰস্থ হৈ বিকল্প ব্যৱস্থাৰ পথ উলিয়াব লাগিব। চৰকাৰে আইন অনুসৰিয়েই কাম কৰিব। আমাক ভোট নালাগে। গতিকে আইন অনুসৰিয়েই আমি সকলো কাম কৰিম।