গোলাঘাট জিলাৰ সৰুপথাৰত অঘটন

PC ASOMIYA PRATIDIN

গোলাঘাট জিলাৰ সৰুপথাৰত অঘটন

 মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট জিলাৰ সৰুপথাৰত অঘটন।বনৰীয়ানাফু খাই চিকিৎসাধীন এগৰাকী যুৱতী আৰু এজন যুৱকসহ দুজন কিশোৰ। উল্লেখ্য যে  পুৱাৰ খাদ্যৰ লগত বনৰীয়া নাফু খাইছিল আটাইকেইজনে। খোৱাৰ কিছু সময় পাছতেই আটাইকেইজনৰে মূৰ ঘূৰণি আৰু বমি হবলৈ ধৰে। পৰিয়ালৰ লোকে ততাতৈয়াকৈ সৰুপথাৰ সমূহীয়া চিকিৎসালয়ত ভর্তি কৰে কেউজনকে। খাদ্যৰ লগত বনৰীয়া নাফু খাই অসুস্থ হৈ পৰে নৱনীতা বসুমতাৰী, পাপলু বসুমতাৰী, কুলধৰ খাকলাৰী, আৰু নৱজ্যোতি খাকলাৰী। এই ঘটনা সংঘটিত হৈছে উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত মধ্যমপুৰৰ থাইকেগিৰিত। ইপিনে আটাইকেইজন সৰুপথাৰ সমূহীয়া চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।