গোলাঘাট, জামুগুৰি, বৰপথাৰ, সৰুপথাৰ আৰক্ষীৰ যুটীয়া অভিযান

গোলাঘাট, জামুগুৰি, বৰপথাৰ, সৰুপথাৰ আৰক্ষীৰ যুটীয়া অভিযান

গোলাঘাটৰ জামুগুৰিত প্ৰায় তিনি কোটি টকা মূল্যৰ হিৰ’ইন জব্দঃ সৰবৰাহকাৰীসহ ড্ৰাগছ কঢ়িওৱা বাহন জব্দ

ৰূপাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰি দৈনিক বজাৰৰ মাজমজিয়াত প্ৰায় তিনি কোটি টকা মূল্যৰ হিৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। এক গোপন সূত্ৰৰ পম খেদি গোলাঘাটৰ সদৰ আৰক্ষীৰ উপ অধীক্ষক জন দাসৰ নেতৃত্বত চলা অভিযানত সৰুপথাৰ, বৰপথাৰ, জামুগুৰি আৰু গোলাঘাট আৰক্ষীৰ যুটীয়া অভিযানত ডিমাপুৰৰ পৰা গোলাঘাটৰ দিশে কঢ়িয়াই অনা AS05 J 4519 নম্বৰৰ ড্ৰাগছ সৰবৰাহ কৰা এখন টাটা জেষ্ট বাহন জব্দ কৰিবলৈ সক্ষম হয়। অভিযানত আৰক্ষীয়ে চৰাইদেউ জিলাৰ সোণাৰীৰ নাজিম শ্বেখ (৩১) নামৰ এজন যুৱকক আটক কৰে। ধৃত যুৱকজনৰ বাহনখনৰ পৰা বেক লাইটৰ ভিতৰত লুকুৱাই অনা ৫৭ টা প্লাষ্টিকৰ চবোনৰ বাকছত ৬২০ গ্ৰাম হিৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে যুৱকজনক আটক কৰি আৰক্ষীৰ জিম্মাত গ্ৰহণ কৰিছে।