গোলাঘাট গাওঁ পঞ্চায়তৰ জ্ঞানোজ্বল যুৱক সংঘত মহিলা মৰ্চা গঠনৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত

গোলাঘাট গাওঁ পঞ্চায়তৰ জ্ঞানোজ্বল যুৱক সংঘত মহিলা মৰ্চা গঠনৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত

ৰঙিলী বাৰ্ত্তাসেৱা- আজি পদুমনী মণ্ডলৰ অৰ্ন্তগত গোলাঘাট গাওঁ পঞ্চায়তৰ ১৩ নং বুথৰ জ্ঞানোজ্বল যুৱক সংঘত মহিলা মৰ্চা গঠনৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাতেই ৪৩ গৰাকী লোকে ভাৰতীয় জনতা পাৰ্টি ৰ নীতি আদৰ্শত আকৃষ্ট হৈ যোগদান কৰে। এই সভাত পদুমনী মণ্ডলৰ সভাপতি সুশান্ত হাজৰিকা, সাধাৰন সম্পাদক পূৰ্ণ শইকীয়া, জিলা পৰিষদৰ সদস্য লোহিত গগৈ, আঞ্চলিক সদস্য দিব্যজোতি শইকীয়া, প্ৰভাৰী সুবোধ আঠপুৰীয়া, জিলা কাৰ্য্য নির্বাহক সদস্য বিবেকা ৰাজখোৱা, মহিলা মৰ্চাৰ সভানেত্রী দিপা দত্ত,কৃষান মৰ্চাৰ সম্পাদক সঞ্জু কৌশিক, শক্তি ইনচার্জ লোহিত গগৈ আৰু গিৰিন গগৈ, বুথ সভানেত্ৰী ৰুমী শইকীয়া যুৱ মৰ্চাৰ উপসভাপতি অংকুৰ দত্ত উপস্থিত থাকে।