গোলাঘাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা

গোলাঘাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-গোলাঘাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনকৈ ছাত্ৰ নেতাৰ কৰুণ মৃত্যু। গোলাঘাটৰ নামবৰ অভয়াৰণ্যত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। নিহত ছাত্ৰ নেতা দুজন টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া দিপ্লু গগৈ আৰু কৌশিক গগৈ। দুয়োৰে ঘৰ গোলাঘাটৰ থুৰামুখত। দেওবাৰৰ নিশাৰে পৰা সন্ধানহীন হৈ আছিল দুয়ো। আৰক্ষীৰ সহযোগত পৰিয়ালৰ লোকে সন্ধান লাভ কৰে দুয়োৰে। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি বাইক দুৰ্ঘটনাত মৃত্যু হৈছে দুই ছাত্ৰ নেতাৰ। দুয়োজন ছাত্ৰ নেতাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ গোলাঘাট জিলা টাই আহোম ছাত্ৰ সন্থাৰ।