গুৱাহাটী হাই কোৰ্টৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস
ৰঙিলী বাৰ্ত্তাসেৱা- কটন বিশ্ববিদ্যালয় চৌহদৰ বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত গুৱাহাটী হাই কোৰ্টৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্যাপন কৰে। উক্ত অনুষ্ঠানত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জন গগৈ, গুৱাহাটী হাই কোৰ্টৰ চীফ জাষ্টিচ ৰবিৰ বিষ্ণই, গুৱাহাটী হাই কোৰ্টৰ জাষ্টিচ এল জমিৰ আদিৰ উপৰিও গুৱাহাটী বাৰ এচোচিয়েচনৰ সভাপতি মৃণাল কুমাৰ চৌধুৰী, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, জ্যেষ্ঠ অধিবক্তা ৰবি কোটা, উৎপল ৰাজখোৱা, নয়নশঙ্কৰ বৰুৱা সহ ৩০০ৰো অধিক লোকৰ উপস্থিতিত প্ৰাক্তন ন্যায়াধীশ গগৈয়ে ভাষণ প্ৰদান কৰে। প্ৰথমে বন্তি প্ৰজ্বলন কৰি, ৰবিৰ বিষ্ণইৰ চমু ভাষণ প্ৰদান কৰাৰ পিছত গগৈয়ে ভাষণ দিয়ে।ভাৰত বৰ্ষৰ ন্যায় ব্যৱস্থাৰ ওপৰত, আইন সংক্ৰান্তীয় বিষয়, ন্যায়ালয়ৰ ভূমিকা, ন্যায়াধীশ আৰু অধিবক্তা সকলৰ আইনৰ অধীনত কৰণীয় কাৰ্য ইত্যাদি বিষয়ত তেওঁ বক্তব্য ৰাখে।উদাহৰণ স্বৰূপে তেওঁ কেইটামান উচ্চতম ন্যায়ালয়ৰ মোকৰ্দমাৰ বিষয়ে অৱগত কৰে। শেষত এল জমীৰৰৰ চমু ভাষণ দিয়াৰ পিছত ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি মাৰে৷