গুৱাহাটী মহানগৰীৰ বানপানী – ফখৰুদ্দিন আহমেদ

PC-The Janambhumi

গুৱাহাটী মহানগৰীৰ বানপানী

ফখৰুদ্দিন আহমেদ

হাই স্কুলীয়া জীৱনত পৰীক্ষাৰ বাবে বিশেষকৈ ” অসমৰ বানপানী ” নামৰ ৰচনাখনি মুখস্থ কৰা বৰ ভালকৈ মনত আছে। পিছলৈ মই মেট্ৰিক পৰীক্ষা দিয়া ইং ১৯৮৮ চনত অসমত বৰ ডাঙৰ বানপানী হৈছিল। আমি পোন প্ৰথমবাৰৰ বাবে ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ননৈ নদীৰ পুব পাৰৰ মথাউৰিত অস্থায়ী ৰূপে তৈয়াৰ কৰি লোৱা ঘৰত অবস্থান কৰি প্ৰায় ১৫/২০ দিন মান অতি কষ্টৰ মাজেৰে পৰিয়াল সহ জীৱন যাপন কৰিব লগা হৈছিল। আমাৰ অঞ্চলৰ দক্ষিনে ব্ৰক্ষ্মপুত্ৰ নদীৰ উত্তৰ পাৰে থকা ৰঙামাটি কুৰুৱা ব্ৰক্ষ্মপুত্ৰ মথাউৰিটোত থকা তিনি খন দৰ্জা যুক্ত শ্লুইজ গেট খন সহ সেই অংশৰ মথাউৰিটো সেই চনটিতে ভাঙি যোৱাত ইং ২০০৪ চনটিলৈ ব্ৰক্ষ্মপুত্ৰৰ সৈতে অঞ্চলটিৰ সম্পৰ্ক মুকলি হৈ থকাত প্ৰায় ১৬ বছৰত বহু কেইটা বানপানীৰ তিক্ত অভিজ্ঞতাৰ কথা এতিয়াও মোৰ মানস পটত জল্ জল্ পট্ পট্ হৈ আছে। আমাৰ অঞ্চলটিৰ ৰাইজৰ বানপানীৰ সৈতে সহাৱস্থান কৰি জীৱন জীবিকা বৰ্তাই ৰখাৰ ক্ষমতা প্ৰাকৃতিক ভাবে লাভ কৰিছে বুলি ক’লে ভুল কোৱা নহ’ব। প্ৰায় পৰিয়ালৰে নৌকা আছে, ডেকা বুঢ়া , লৰা ছোৱালী সকলোৱে সাতুৰিব পাৰে , সৰু ডাঙৰ সকলোৱে নৌকা চালনা কৰিব পাৰে ইত্যাদি।
পৰীক্ষাত কৃতকাৰ্য হ’বলৈ মুখস্থ কৰা অসমৰ বানপানীৰ ৰচনা আৰু বাস্তব জীৱনত লাভ কৰা বানপানীৰ অভিজ্ঞতা যে একে নহয় আৰু কেতিয়াও একে হ’ব নোৱাৰে সেয়া বিতৰ্কৰ উৰ্দ্ধত বুলি সকলোৱে নিশ্চয় একে মুখে স্বীকাৰ নকৰি নোৱাৰিব। সাম্প্ৰতিক সময়ত আমাৰ অঞ্চলত মানে ছিপাঝাৰৰ দক্ষিন পশ্চিম অঞ্চলত বানপানীৰ সমস্যা পূৰ্বৰ দৰে নাই ।
নকৈ নোৱাৰি যে কেইবা বছৰ মানৰ পূৰ্বৰ পৰা অসমত যেন সঁচাকৈয়ে বৰষুণৰ মাত্ৰা বেছিত কৈ বেছি হৈ আহিছে। সাম্প্ৰতিক সময়ত অসমৰ বিভিন্ন ঠাইত সচৰাচৰ ব্ৰক্ষ্মপুত্ৰ আৰু উপনৈ সমূহৰ বাঢ়নী পানীয়ে ভয়াবহ বানপানীৰ সৃষ্টি কৰাৰ সলনি বৰষুণৰ পানীয়েহে অসমৰ বিভিন্ন চহৰ/নগৰ সমূহত কৃত্ৰিম বানপানীৰ সৃষ্টি কৰি বাসিন্দা সকলৰ জীৱনলৈ বিপদ সংকুলতা কঢ়িয়াই আনিবলৈ ধৰিছে। এইক্ষেত্ৰত অসমৰ প্ৰাণকেন্দ্ৰ স্বৰূপ গুৱাহাটী মহানগৰীৰ বানপানীৰ পৰিস্থিতি আটাইতকৈ বিপদজনক হৈ পৰিছে। গুৱাহাটী মহানগীৰ কৃত্ৰিম বানপানীত ইতিমধ্যে প্ৰতি বছৰে অনাকাংখিত ভাবে মৃত্যুক সাবতি লৈছে বহুজনে।
বিগত দিনত কংগ্ৰেছ আৰু সাম্প্ৰতিক সময়ত বি জে পি চৰকাৰে গুৱাহাটী মহানগৰীৰ বানপানী সমস্যাৰ সমাধান কৰিবলৈ বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে । অসম মন্ত্ৰী সভাত গুৱাহাটী উন্নয়ণ বিভাগ নামৰ এটি বিভাগ থকাৰ উপৰিও গুৱাহাটী পৌৰ নিগমেও বহুতো প্ৰচেষ্টা হাতত লৈছে। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা বিভিন্ন পথ , উপপথ সমূহৰ দাঁতিত অতিৰিক্ত পানী ওলাই যাবলৈ নলাৰ ব্যবস্থাও আছে। কিন্তু বৰষুণৰ দ্বাৰা সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ পানী নিষ্কাসন কৰিবলৈয়ো সেই নলাবোৰ কামত নহা পৰিলক্ষিত হৈছে। কাৰণ অলেখ। এই ক্ষেত্ৰত অসম চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা এই কৃত্ৰিম বানপানী ৰোধ কৰিবলৈ অপদ্ধতিগত ভাবে গ্ৰহণ কৰা আঁচনিবোৰ যিদৰে দায়ী , সেই দৰে গুৱাহাটী মহানগৰীত বাস কৰা বাসিন্দা সকল , যধে মধে গঢ়ি উঠাবহু মহলীয়া অট্টালিকা আৰু কল কাৰখানাবোৰো সমানেই দায়ী।
অসম চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগমে গুৱাহাটীনগৰী বাসীৰ জীৱণ ধাৰণ প্ৰক্ৰিয়াত সৃষ্টি হোৱা জাবৰ-জোঠৰ পেলাবলৈ ৰাস্তাই ঘাটে স্থাপন কৰা ডাষ্টবিন বোৰ পৰিপাটিকৈ পৰিচালনা আৰু ব্যবহাৰ নকৰা লগতে কল কাৰখানা বোৰে সৃষ্টি কৰা পেলনীয়া সামগ্ৰী সমূহৰ দ্বাৰা পানী নিষ্কাসনৰ বাবে তৈয়াৰ কৰা নলাবোৰত ইয়াৰ বিপদজনক ভাবে পাৰ্শ্বক্ৰিয়া হৈছে ।ফলস্বৰূপে নলাবোৰে পানী নিষ্কাসন কৰিব নোৱাৰা হৈছে আৰু বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ সকলো স্থানতে কৃত্ৰিম বানপানীয়ে জনজীৱন বিপৰ্যস্ত কৰি তোলা দেখা গৈছে।
সদ্য মুহূৰ্তত গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যাক লৈ কিছুমান দল, সংগঠনে ৰাজনীতি কৰাও দৃষ্টিগোচৰ হৈছে। এনে সুবিধাবাদীৰ ৰাজনীতিৰ দ্বাৰা গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যা কিয় আন কোনো ধৰণৰ সমস্যাৰেই সমাধানৰ পথ নোলায়।বৰঞ্চ এনে ধৰণৰ প্ৰক্ৰিয়াই সমস্যাটিক জীয়াই ৰখাত পৃষ্ঠোষকতা কৰে আৰু ৰাজনৈতিক নেতা আৰু দল সমূহহে উপকৃত হোৱা ভবিষ্যতলৈ পৰিলক্ষিত হ’ব। গুৱাহাটী মহানগৰী বাসীৰ এনে ভয়াবহ দুখ , দুৰ্গতিৰ দিনত অসম চৰকাৰ তথা বিভাগীয় মন্ত্ৰী , আমোলা সকলে গুৱাহাটী মহানগৰীত সাম্প্ৰতিক সময়ত বাস কৰি থকা অভিজ্ঞতা পুষ্ট বিভিন্ন বিভাগৰ অভিযন্তা সকলৰ সৈতে আলোচনা কৰি তাৎকালিন ভাবে এই সমস্যাটিৰ সমাধান কৰা ব্যবস্থা গ্ৰহণ কৰাটি বাধ্যতামূলক ভাবে কৰণীয় হৈ পৰিছে।
সকলোৱে চিন্তা কৰা জৰুৰী যে গুৱাহাটী মহানগৰী স্তব্ধ হৈ পৰা মানে অসমেই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল স্তব্ধ হৈ পৰা।
গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ সৈতে মহানগৰীখনক বাসস্থান হিচাপে গ্ৰহণ কৰা সংশ্লিষ্ট বিষয় সম্পৰ্কত মেধা সম্পন্ন ব্যক্তিত্ব বোৰকহে জৰিত কৰা উচিত ।তেনে নকৰি কেৱল ঠিকাদাৰিত্বৰ ওপৰত এৰি দিলে এই বিৰাট সমস্যা সঠিক সমাধানৰ দিশত কেতিয়াও আগবাঢ়ি নাযায়।
গুৱাহাটী মহানগৰী বাসীয়ে এই কৃত্ৰিম বানপানীৰ সমস্যাৰ সমাধানৰ বাবে কেৱল অসম চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগম , মন্ত্ৰী , বিধায়ক আৰু সাংসদক দোষাৰোপ কৰিলেই তেখেত সকলৰ দায়বদ্ধতা সমাপ্ত নহয় আৰু এই জ্বলন্ত সমস্যাটিও সমাধান নহয় । এই কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিবলৈ তেখেত সকলৰ লাগিব নিজস্ব ধ্যান ধাৰণা , সমাজসেৱা মূলক মানসিকতা আৰু চৰকাৰী আঁচনিবোৰ কাৰ্যসম কৰি ৰাখিবলৈ অক্লান্ত সহযোগিতা ।ইয়াৰ অন্যথা গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যা কিয় আন কোনো সমস্যাৰেই সমাধান কোনেও আশা কৰিব নোৱাৰে।