গুৱাহাটী প্ৰেছ ক্লাবত পূৰ্বায়ণ প্ৰকাশনৰ গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত পূৰ্বায়ণ প্ৰকাশনৰ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  আগশাৰীৰ প্ৰকাশন পূৰ্বায়ণ প্ৰকাশনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত জনপ্ৰিয় লেখক তথা মুনিন বৰকটকী বঁটা বিজয়ী আব্দুচ চামাদৰ সমাজমুখী উপন্যাস “দ্য ব্লেকাৰ”আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। ইপিনে গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট লেখক, চিন্তাবিদ তথা বুদ্ধিজীৱী ড°হিৰেণ গোহাঁইয়ে। নিজৰ উন্মোচনী ভাষণত ড°গোহাঁইয়ে কয় যে উপন্যাস হৈছে গণতান্ত্ৰিক চেতনাৰ সৃষ্টি। উপন্যাসৰ জৰিয়তে গণতান্ত্ৰিক চেতনাক উদ্বুদ্ধ কৰি তুলিব পাৰি। অৱশ্যে নিজৰ ভাষণ প্ৰসংগত তেওঁ আমাৰ দেশত এতিয়াও গণতান্ত্ৰিক চেতনা জাগি উঠা নাই বুলি খেদ প্ৰকাশ কৰে। ভাষণ প্ৰসংগত বিশিষ্ট বুদ্ধিজীৱী জনে ইয়াকো কয় যে বৰ্তমান সময়ত আমাৰ মাজত গণতান্ত্ৰিক মানৱতা বোধ জীয়াই ৰখাৰ অত্যন্ত প্ৰয়োজন হৈ পৰিছে।ভাষণ প্ৰসংগত ড°গোহাঁইয়ে কয় যে আব্দুচ চামাদৰ উপন্যাস”দ্য ব্লেকাৰ “ত সমাজ পৰিবৰ্তনৰ এক ছবি পৰিস্ফুটিত হোৱা পৰিলক্ষিত হৈছে। নিশ্চিত ভাৱে উপন্যাসখনি অসমীয়া উপন্যাস সাহিত্যলৈ এক উল্লেখনীয় অৱদান হৈ পৰিব। অনুষ্ঠানত আন এগৰাকী উন্মোচক হিচাপে উপস্থিত থাকি লেখক, সমালোচক তথা কথা শিল্পী অৰিন্দম বৰকটকীয়ে আব্দুচ চামাদৰ উপন্যাসৰ গতিশীলতাৰ ওপৰত মননশীল মন্তব্য আগবঢ়াই উপস্থিত সকলোকে ভাবুক কৰি তোলে। ইপিনে ঔপন্যাসিক ড°অনুৰাধা শৰ্মাই আব্দুচ চামাদৰ উপন্যাসৰ কাহিনী আৰু চৰিত্ৰৰ ওপৰত মন্তব্য কৰি লেখক উৎসাহি কৰি তোলা পৰিলক্ষিত হয়। পূৰ্বায়ণ প্ৰকাশনৰ স্বতাধিকাৰ ড°অমৃত কুমাৰ উপাধ্যায়ৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা আজিৰ গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি প্ৰগতিশীল লেখক সমীন্দ্ৰ হুজুৰীয়ে লেখক আব্দুচ চামাদৰ উপন্যাসৰ ওপৰত এক ইতিবাচক মন্তব্য আগবঢ়াই। উল্লেখযোগ্য যে কবি লেখিকা ময়ুৰী দত্তই আতধৰা আজিৰ অনুষ্ঠানটি সামৰণি পৰে লেখকৰ শলাগৰ শৰাইৰে।