গুৱাহাটী প্ৰেছ ক্লাবত দোতাৰাৰ ‘শক্তি’ শীৰ্ষক অনুষ্ঠান

গুৱাহাটী প্ৰেছ ক্লাবত দোতাৰাৰ ‘শক্তি’ শীৰ্ষক অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- দোতাৰা সাংস্কৃতিক সমাজৰ উদ্যোগত মঙলবাৰে বিশ্ব নাৰী দিৱস উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবত ‘শক্তি’ শীৰ্ষক এটি অনুষ্ঠান অনুষ্ঠিত হয়৷অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া মাধুৰিমা বৰুৱা সেন,বিশিষ্ট লেখক শান্তনু ঠাকুৰ,সত্ৰীয়া নৃত্যগুৰু ড° মল্লিকা কন্দলিয়ে নাৰী সন্দৰ্ভত বিভিন্ন দিশত আলোকপাত কৰে৷সংস্হাৰ সভাপতি কুনাল ভট্টাচাৰ্যই আদৰণি ভাষণ দিয়া অনুষ্ঠানত সাংবাদিক নবনিতা কলিতা,সমাজকৰ্মী ৰুণা লাইলা,সংস্কৃতিকৰ্মী মীৰা শৰ্মা,কন্ঠশিল্পী কল্যাণী ঠাকুৰীয়াক সম্বৰ্ধনা জনোৱা হয়৷শিল্পী হুমায়ুন চৌধুৰী,সঞ্চিতা গাংগুলী,ধীৰাজ ডেকাই কবিতা পাঠ কৰে৷সাধাৰণ সম্পাদক পাৰ্বতী ভট্টাচাৰ্যই শলাগৰ শৰাই আগবঢ়ায়৷