গুৱাহাটীত এদিনীয়া আত্মৰক্ষা কৰ্মশালা

গুৱাহাটীত এদিনীয়া আত্মৰক্ষা কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা-   এলুমিনি এছ’চিয়েচন অৱ গুৱাহাটী গ্ৰুপ হেডকোৱাৰ্টাৰ এনচিচিয়ে কিউকিচাই কাৰাটে একডেমীৰ সহযোগত গুৱাহাটীৰ গুৰু নানক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এদিনীয়া আত্মৰক্ষা কৰ্মশালা অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকে গুৰু নানক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সমন্বয়ক শুভ্ৰাংশু চক্ৰৱৰ্তী, প্ৰথম অসম বিএন এনচিচিৰ কৰ্ণেল দাদৱাল, ছাউথ পইণ্ট স্কুলৰ প্ৰাক্তন এএনঅ’ কৰবী গোস্বামী, পিআই ষ্টাফ ৩০ বিএন এনচিচিৰ লেফটেনেণ্ট সৈতেন্দ্ৰ কুমাৰ সিং, পিআই ষ্টাফ ৬০ অসম গাৰ্লছ বিএনএনচিচিৰ চুবেদাৰ টি বি থাপা আৰু হাৱালদাৰ ছাংগা, ৪৮ অসম নেভেল ইউনিট এনচিচিৰ হাৰফুল সিং। ইপিনে, এই এদিনীয়া আত্মৰক্ষা কৰ্মশালাত অম্বিকা দত্ত, ইলিয়াছ আহমেদ আৰু অভিষেক ঠাকুৰে প্ৰশিক্ষণ প্ৰদান কৰে। অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত কৰবী গোস্বামীয়ে কয়—আমাৰ কেডেটসকলে কেনেদৰে আত্মসুৰক্ষা দিব পাৰে, তাকে এই অনুষ্ঠানৰ জৰিয়তে দেখুওৱা হৈছে। লগতে এই অনুষ্ঠানৰ জৰিয়তে কেডেটসকলক অনুপ্ৰাণিত কৰা হৈছে। অনুষ্ঠানটোত এলুমনি এছ’চিয়েচনৰ মুখ্য উপদেষ্টা দণ্ডপাণি গৌড়, সভাপতি দীপক ছেত্ৰী, সাধাৰণ সম্পাদক কৰুণা সিংহা, কোষাধ্যক্ষা গীতাঞ্জলী ৰয়, প্ৰশাসক চামিম আলম হক উপস্থিত থকাৰ লগতে অন্যান্য বিষয়ববীয়াই অংশগ্ৰহণ কৰে।  উল্লেখ্য যে এই এদিনীয়া আত্মৰক্ষা কৰ্মশালাত শতাধিক কেডেটে অংশগ্ৰহণ কৰে।