বি বৰুৱা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

pc Facebook

বি বৰুৱা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম বিজ্ঞান সমিতিৰ ৬৬ সংখ্যক বাৰ্ষিক কাৰিকৰী শিতানত ২৪ মাৰ্চত গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত  এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে ৷  বিভিন্ন গৱেষণা মূলক বিষয় সন্নিৱিষ্ট আলোচনা চক্ৰখনৰ মুখ্য বিষয় হ’ল ’Emerging Priorities in Science and Technology with Special Focus on Rural and Green Technology’৷ অসম চৰকাৰৰ অধীনষ্ঠ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ তথা প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমে সহযোগিতা আগবঢ়োৱা আলোচনা চক্ৰখনত অংশগ্ৰহণ কৰিবলৈ বিচৰা গৱেষক সকলে ১৫ মাৰ্চৰ ভিতৰত তেওঁলোকৰ গৱেষণা পত্ৰৰ সাৰংশ সমূহ assbbc22@gmail.com ত প্ৰেৰণ কৰিবলৈ আয়োজকৰ তৰফৰ পৰা অনুৰোধ জনাইছে ৷ ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনৰ সবিশেষ তথ্যৰ বাবে www.bborooahcollege.ac.in অথবা www.assamsciencesociety.in ৱেবচাইটত যোগাযোগ কৰিবলৈ তথা আলোচনা চক্ৰখন সাফল্যমণ্ডিত কৰাৰ বাবে আহ্বায়ক ড° বিজয় শংকৰ গোস্বামীয়ে  অনুৰোধ জনাইছে ৷