গুৱাহাটী প্ৰেছ ক্লাবত চেন্নাইৰ আলফ্ৰেড ফিলিপক সম্বৰ্ধনা

গুৱাহাটী প্ৰেছ ক্লাবত চেন্নাইৰ আলফ্ৰেড ফিলিপক সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা-  চেন্নাইলৈ যোৱা অসমৰ ৰোগীসকলৰ বাবে এটি চিনাকি নাম আলফ্ৰেড ফিলিপ। বৰলুইত নামে লজ এখন পৰিচালনা কৰি থকা ফিলিপ অসমৰ জোঁৱাই। ১৯৭৯ চনৰ পৰা ১৯৯৬ চনলৈ কৰ্মসূত্ৰে অসমত থকা ফিলিপে অসম আৰু অসমীয়াৰ প্ৰেমত পৰি অসমৰ জোঁৱাই হয়। তেওঁ সন্তানকেইটিকো অসমীয়া ভাষা আৰু সংস্কৃতিৰে সমৃদ্ধ কৰি তোলে।অলপতে তেওঁক গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা অসমীয়াৰ হেঁপাহৰ আৰু সন্মানৰ গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায় সভাপতি সুস্মিতা গোস্বামী আৰু সম্পাদক সঞ্জয় ৰায়ে। সম্বৰ্ধনা গ্ৰহণ কৰি অনানুষ্ঠানিক আলোচনাত ফিলিপে কয় যে অসমখন তেওঁৰ আপোন ঘৰ। অসমীয়া লোক তেওঁৰ হিয়াৰ আপোন। মহামাৰী ক’ৰানাৰ সময়ত চেন্নাইত আবদ্ধ হৈ পৰা অসমীয়াক স্বগৃহলৈ অহাৰ ক্ষেত্ৰত কিদৰে তেওঁ সহায় কৰিছিল তাক আৱেগিকভাৱে সোঁৱৰণ কৰে। চিকিৎসাজনিত কাৰণত চেন্নাইলৈ যোৱা অসমীয়া লোকক তেওঁ পাৰ্যমানে সহায় আগবঢ়াই আহিছে। বহুসংখ্যক সাংবাদিকো তেওঁৰ অতিথি হৈছে। লগতে তেওঁ কয় যে চেন্নাইত এনে বহু চিকিৎসালয় আছে যিবোৰত উন্নত চিকিৎসাৰ লগতে কম খৰচত চিকিৎসা কৰিব পৰা যায়। এইক্ষেত্ৰত তেওঁ সহায় কৰি দিব পাৰে। এনে এটা অভিজ্ঞতাৰ কথাও তেওঁ কয়। লগতে তেওঁ আহ্বান জনায় যে যদিহে তেওঁৰ লগত যোগাযোগ কৰি চেন্নাইলৈ যায় তেন্তে তেওঁ পাৰ্যমানে সহায় কৰি দিয়াৰ বাবে আগ্ৰহী। অনুষ্ঠানত তেওঁৰ পুত্ৰ আৰু জী নাতিও উপস্থিত আছিল। প্ৰেছ ক্লাবৰ উপ সভাপতিদ্বয় যতীন ভাগৱতী, অলকা বৰুৱা, সাংস্কৃতিক সম্পাদক পল্লৱী বৰা, কোষাধ্যক্ষ মণীন্দ্ৰ ডেকাকে ধৰি একাধিক সাংবাদিক উপস্থিত থাকি আলফ্ৰেড ফিলিপৰ লগত মত বিনিময় কৰে।