গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত , মেয়ৰক স্মাৰক পত্ৰ প্ৰদেশ কংগ্ৰেছৰ

 গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত , মেয়ৰক স্মাৰক পত্ৰ প্ৰদেশ কংগ্ৰেছৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  সকলোকে অন্ধকাৰত ৰাখি সম্পত্তি কৰ আহৰণৰ নামত বহিৰাগত ব্যক্তিগত প্রতিষ্ঠানক গুৱাহাটীৰ নাগৰিকৰ পৰা কৰ – কাটল সংগ্ৰহৰ দায়িত্ব অর্পণ কৰিবলৈ ৰাজ্য চৰকাৰে চলোৱা ষড়যন্ত্র বন্ধ কৰিবলৈ আজি গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত এম এন দাহাল আৰু মেয়ৰ মৃগেন শৰণীয়াক সুকীয়া সুকীয়াকৈ সাক্ষাৎ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ এটা সঁজাতী দলে এখন স্মাৰক পত্ৰ প্ৰদান কৰে আৰু কোনো কাৰণতে বহিৰাগত প্ৰতিষ্ঠানক কাম দি লুণ্ঠনৰ বাট মোকলাই দিয়াটো সহ্য কৰা নহ’ব বুলি সতর্ক কৰি দিয়ে । অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত , মহিলা কংগ্ৰেছৰ ৰাজ্যিক সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামী , দলৰ জ্যেষ্ঠ মুখপাত্রদ্বয় ৰমেন বৰঠাকুৰ আৰু কুশল কুমাৰ শৰ্মা , গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন কুমাৰ দাসৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰখন প্ৰদান কৰোঁতে দলটোত উপস্থিত থাকে চানমাৰি ব্লক কংগ্ৰেছৰ সভাপতি চবিণ শর্মাও । উল্লেখযোগ্য যে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দাহালে কংগ্ৰেছ সঁজাতী দলটোৰ সকলো যুক্তি শুনাৰ অন্তত স্বীকাৰ কৰে যে নৱ – গঠিত গুৱাহাটী পৌৰ নিগমৰ পাৰিষদবৰ্গ আৰু নাগৰিকৰ সৈতে আগতীয়াকৈ আলোচনা নকৰাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰাটো অৱশ্যেই ভুল হৈছিল । তদুপৰি আজি সঁজাতী দলটোৰ আগত আয়ুক্ত দাহালে এই কথাও স্পষ্টকৈ প্ৰকাশ কৰে যে সম্পত্তি কৰৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰে নিবিদা আহ্বান কৰা নাছিল , বৰঞ্চ গুৱাহাটী পৌৰ নিগমেই যোৱা আগষ্ট মাহত নিবিদাৰ জাননী জাৰি কৰিছিল । অৱশ্যে কাউন্সিলাৰ সকলৰ সৈতে , মেয়ৰৰ সৈতে আলোচনা মর্মে কিয় এই সিদ্ধান্ত লোৱা নহ’ল সেই বিষয়ে তেওঁ অধিক নাজানে বুলি ব্যক্ত কৰি আয়ুক্তগৰাকীয়ে কয় যে তেওঁ যোগদান কৰাৰ পূৰ্বেই এইবোৰ সম্পূৰ্ণ হৈ উঠিছিল । প্রদেশ কংগ্ৰেছৰ সঁজাতী দলটোৱে গুৱাহাটী পৌৰ নিগম আইনেই দিয়া ব্যৱস্থা অনুসৰি কাউন্সিলাৰৰ উপৰি ৱাৰ্ডসমূহত ৱাৰ্ড কমিটী গঠন কৰি সম্পত্তি কৰৰ জৰীপ কাৰ্যত নাগৰিকক জড়িত কৰাৰ সুযোগ আছে । তদুপৰি পৌৰ নিগমৰ কৰ শাখাটো অধিক দক্ষ আৰু কৰ্মপটু বিষয়া – কৰ্মচাৰীৰে গঠন কৰি এই বিষয়টোত নিজাববীয়াকৈ পৌৰ নিগম আগবঢ়া উচিত বুলিও সঁজাতী দলটোৱে আয়ুক্তগৰাকীক আহ্বান জনায় ৷ কোনোবা মন্ত্ৰীৰ স্বাৰ্থ পূৰ্ণ কৰিবলৈ গুৱাহাটী পৌৰ নিগমে ভৱিষ্যতে এনে থলুৱা – বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিলে অসম প্রদেশ কংগ্ৰেছে নাগৰিকক লগত লৈ ব্যাপক আন্দোলন গঢ়ি তুলি তেনে ষড়যন্ত্র ব্যর্থ কৰিব বুলি আয়ুক্তগৰাকীক স্পষ্ট কৰি দিয়ে৷