গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হ’ল ৮ কোটি টকাৰ জিলেটিনসহ ইলেক্ট্রিক ডিট’নেটৰ
অনলাইন বাৰ্ত্তাসেৱা – সামান্য উন্নত ক’ভিড পৰিৱেশৰ মাজতে চলা শাৰদীয় প্রস্তুতি বিঘ্নিত কৰি ৰাজ্য ৰক্তাক্ত কৰিবলৈ সক্ষম এক পৰিকল্পনা মহানগৰ আৰক্ষীয়ে ব্যর্থ কৰিবলৈ সক্ষম হ’ল। গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হ’ল ৮ কোটি টকাৰ জিলেটিনসহ ইলেক্ট্রিক ডিট’নেটৰ। এখন বলেৰ’ত কঢ়িয়াই অনা এই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী গুৱাহাটীৰ মাজেৰে পাৰ কৰিব খোজাৰ সময়তে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হোৱা ঘটনাই ভয়ংকৰ দুৰ্যোগৰ পৰা ৰক্ষা কৰিলে ৰাজ্যবাসীক। উল্লেখ্য যে ১ অক্টোবৰ তাৰিখে পুৱা প্ৰায় ৫.৩০ বজাত আৰক্ষীৰ এটা টহলদাৰী দলে তীব্র বেগেৰে অহা এ এছ-১৫ এ চি-৪৮৬৭ নম্বৰৰ এখন পিক্আপ বলেৰ’ তালাচীৰ বাবে লখৰা চাৰিআলিত ৰখাবলৈ নিৰ্দেশ দিয়াৰ সময়তে বাহনখনে আৰক্ষীৰ নিৰ্দেশ নামানি তীব্র বেগেৰে গতি কৰে। লগে লগে গড়চুক আৰক্ষীয়ে বাহনখনক অনুসৰণ কৰি গড়চুক চাৰিআলিত বাহনখন জব্দ কৰিবলৈ সক্ষম হয়।এই বিস্ফোৰক সামগ্ৰীসমূহ কঢ়িয়াই অনাৰ উদ্দেশ্য এতিয়াও পোহৰলৈ অহা নাই। ইয়াৰ ওপৰত আৰক্ষীৰ ব্যাপক তদন্ত অব্যাহত আছে। আৰক্ষীৰ নিৰ্দেশ নামানি পলায়ন কৰা বাহনখনৰ চালকৰ নথি-পত্ৰ নথকা বাবে এনেদৰে পলায়ন কৰা বুলি আৰক্ষীয়ে প্ৰাৰম্ভিক ধাৰণা কৰিছিল যদিও বাহনখনত চলোৱা তালাচীত উদ্ধাৰ হোৱা বিস্ফোৰক সামগ্ৰীয়ে চকু কপালত তোলে গড়চুক আৰক্ষীৰ। ৰাষ্ট্ৰীয় ঘাইপথত বিস্ফোৰক সামগ্ৰীৰ কিছু অংশ দেখি একপ্ৰকাৰ হতভম্ব হৈ পৰা আৰক্ষীৰ দলটোৱে ততালিকে চালক আৰু গাড়ীখনত থকা আন এজনক আটক কৰি থানালৈ লৈ আহে। থানালৈ অনাৰ পাছতেই চলোৱা তালাচীত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী। বিস্ফোৰক সামগ্রীসমূহৰ মাজত আছে ৪,৬৬০টা জিলেটিন ষ্টিক আৰু ২,৩০০টা বৈদ্যুতিক ডিট’নেটৰ। যাৰ বজাৰ মূল্য হ’ব প্রায় ৮ কোটি টকা। ১৩টা বেগত ভৰ্তি কৰি অনা এই বিস্ফোৰক সামগ্ৰীসমূহৰ বিপৰীতে নাছিল কোনো নথি-পত্ৰ। অৰ্থাৎ আটক হোৱা বলেৰ’ বাহনখনত কিমান পৰিমাণৰ বিস্ফোৰক কঢ়িয়াই অনা হৈছিল, সেই সম্পর্কে সম্পূৰ্ণৰূপে অন্ধকাৰত আছিল গাড়ীখনৰ চালক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চালক আইনল হক (২৭) আৰু গাড়ীখনৰ সহায়ক ৰূপে থকা ৰহিম বাদশ্বাহ (২৬)ৰ ঘৰ বঙাইগাঁৱৰ অভয়াপুৰীত৷ আৰক্ষীৰ প্ৰাথমিক জেৰাত আটক হোৱা আইনল আলী আৰু ৰহিম বাদশ্বাহে প্ৰকাশ কৰা মতে মেঘালয়ৰ লাটুমবাইৰ পৰা ৰাণীলৈ কঢ়িয়াই অনা হৈছিল এই বিস্ফোৰকখিনি। উল্লেখ্য যে এই বিস্ফোৰক সামগ্ৰীয়ে যে যিকোনো মুহূর্তত ৰাজ্যত এক অভাৱনীয় ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিলেহেঁতেন, সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে।