গুৱাহাটীৰ সংস্কৃতি দ্য গুৰুকুলত আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান

Pc- Facebook

গুৱাহাটীৰ সংস্কৃতি দ্য গুৰুকুলত আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  ছাত্ৰ-ছাত্ৰীৰ জীৱনত প্ৰতিযোগিতাই সাফল্য লাভৰ প্ৰকৃত পথ নহয়। সাফল্য লাভ কৰিবৰ বাবে প্ৰতিটো কথাই খৰচী মাৰি শিকিব লাগিব। পুথিগত বিদ্যাতকৈও অভিজ্ঞতালব্ধ বিদ্যাইহে যে মানুহক প্ৰকৃত জ্ঞানী কৰিব পাৰে সেই কথাৰ ওপৰত সদায় গুৰুত্ব দি অহা এখন বিদ্যালয় হৈছে গুৱাহাটীৰ ‘সংস্কৃতি দ্য গুৰুকুল’ বিদ্যালয়। এই বিদ্যালয়ে নৱেম্বৰৰ ১১, ১২ আৰু ১৩ তাৰিখে অনুষ্ঠিত কৰা ওডিচি ২০২১ ত এই কথাকে আকৌ এবাৰ প্ৰমান কৰি দেখুৱালে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনলাইনযোগে অনুষ্ঠিত হোৱা ওডিচি ২০২১ ত এইবাৰ অসমৰ বিভিন্ন বিদ্যালয়ৰ লগতে কলকাতা, ডেৰাডুন, বাংগালুৰুৰ উপৰিও দেশৰ বাহিৰৰ ডোহাৰ সৰ্বমুঠ ২৫ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ভাষা আৰু যোগাযোগ, বাণিজ্য, বিজ্ঞান, শেহতীয়া বা-বাতৰি, কলা, সংগীত,নৃত্য আদি বিভিন্ন বিষয় সামৰি লোৱা ওডিচি ২০২১ ত প্ৰতিযোগিতাৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই। ইয়াত কোনোটো বিষয়তে কোনো ছাত্ৰ-ছাত্ৰী এজন আনজনতকৈ কম বা বেছি নহয়। “একেলগে আগবঢ়াটো হৈছে আৰম্ভণী, একেলগে থকাটো উন্নতি আৰু একেলগে কৰাটো হৈছে সফলতা” – হেনৰি ফৰ্ডৰ এই আপ্তবাক্য শাৰি গুৰুত্ব সহকাৰে লৈ সংস্কৃতি দ্য গুৰুকুল বিদ্যালয়ে কোনোধৰণৰ প্ৰতিযোগিতা নকৰি ছাত্ৰ-ছাত্ৰীৰ মাজত সহযোগিতাৰে বিভিন্ন অনুষ্ঠান সমূহ অনুষ্ঠিত কৰে। এই সহযোগিতাৰ ফলত তেওঁলোকে নিজৰ ভুল-ভ্ৰান্তি সমূহ শুধৰোৱাৰ লগতে আনৰ ভালখিনি গ্ৰহণ কৰিবলৈ সুবিধা পাব। প্ৰকৃততে প্ৰত্যেকজন ব্যক্তিৰ মাজতেই গ্ৰহণযোগ্য গুণ থাকে। প্ৰথম, দ্বিতীয়, তৃতীয় হোৱা সকলৰ উপৰিও শাৰিৰ শেষৰফালে থকা সকলৰো যে প্ৰতিভা নথকা নহয় সেই কথা উপলব্ধি কৰিয়েই এই সহযোগিতা মূলক অনুষ্ঠান ওডিচি ২০২১ অনুষ্ঠিত কৰা হয়।