গুৱাহাটীৰ নুনমাটিত নিচামুক্তি আৰু পুনর্বাসন কেন্দ্র উদ্বোধন 

PC Justdial

গুৱাহাটীৰ নুনমাটিত নিচামুক্তি আৰু পুনর্বাসন কেন্দ্র উদ্বোধন 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই  গুৱাহাটীৰ নুনমাটিৰ ২নংমঠঘৰীয়াৰ বি জি তিনিআলিত এটা নিচামুক্তি আৰু পুনর্বাসন কেন্দ্র উদ্বোধন কৰে এই নিচামুক্তি আৰু পুনর্বাসন কেন্দ্ৰৰ মুকলি অনুষ্ঠানত সামাজিক ন্যায় আৰু সবলীকৰণৰ সঞ্চালক কিশােৰ ঠাকুৰীয়া, ৰাজ্যিক মাদক দ্রব্য বিৰােধী আৰু নিবাৰণী পৰিষদৰ অধ্যক্ষা মৃদুলা বৰকাকতি, উপাধ্যক্ষ জিতু বৰগােহাঁই, সদস্য অনুপম ৰােহিত উপস্থিত থাকে। কেন্দ্রটিৰ মুকলিৰ পিছতে বিভাগীয় বিষয়া আৰু কৰ্মচাৰীসকলৰ এখন সভা অনুষ্ঠিত হয়। উল্লেখ্য যে ৰাজ্যিক মাদক দ্রব্য বিৰােধী আৰু নিবাৰণী পৰিষদৰ অধ্যক্ষা মৃদুলা বৰকাকতি আৰুমুখ্য কাৰ্যবাহী বিষয়া কুঞ্জলতালাচনে ৰাজ্যখনৰ তিনিচুকীয়া, ডিব্ৰুগড়, গােলাঘাট, শােণিতপুৰ, বৰপেটা আৰু কামৰূপ মহানগৰৰ গুৱাহাটীত ছটা নিচামুক্তি আৰু পুনর্বাসন কেন্দ্র মুকলি কৰিবলৈ পদক্ষেপ গ্রহণ কৰিছে।