গুৱাহাটীৰ গ্ৰন্থমেলা বাকৰিত লেখিকা সংস্থা, অসমৰ প্ৰাক্তন সভানেত্ৰী মঞ্জুলা শৰ্মা ভট্টাচাৰ্যৰ প্ৰবন্ধ সংকলন উন্মোচন

গুৱাহাটীৰ গ্ৰন্থমেলা বাকৰিত লেখিকা সংস্থা, অসমৰ প্ৰাক্তন সভানেত্ৰী মঞ্জুলা শৰ্মা ভট্টাচাৰ্যৰ প্ৰবন্ধ সংকলন উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত চান্দমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলা, গুৱাহাটীৰ ড০ বীৰেন্দ্ৰ নাথ দত্ত সভাকক্ষত আজি লেখিকা সংস্থা, অসমৰ প্ৰাক্তন সভানেত্ৰী, বিশিষ্ট লেখিকা মঞ্জুলা শৰ্মা ভট্টাচাৰ্যৰ প্ৰবন্ধ সংকলন “ঈশ্বৰ মানুহৰ কথাৰে” উন্মোচন কৰা হয় । বীণা শৰ্মাৰ মংগলাচৰণেৰে শুভাৰম্ভ কৰা সভাখনি উদ্ধোধন কৰি অসম সাহিত্য সভাৰ সভাপতি, পদ্মশ্ৰী প্ৰাপক ড০ সূৰ্যকান্ত হাজৰিকাই কয়- “অসমত এটি উন্নত মানৰ পুথিভঁৰালৰ প্ৰয়োজন । ভাৰতবৰ্ষৰ লগতে বিশ্বৰ ভিন ভিন প্ৰান্তত অতি পূৰ্ণাংগ ৰূপত পুথিভঁৰাল আছে । সেইদৰে অসম চৰকাৰে ইতিবাচক ধৰণেৰে তেনেদৰেই এটি পুথিভঁৰাল স্থাপন কৰিব বুলি আশাবাদী ।বিদ্যালয়সমূহতো প্ৰতিদিনে গ্ৰন্থ অধ্যয়নৰ ওপৰতো ৪৫ মিনিটৰ পাঠদান কৰিব লাগে ।” সাংবাদিক, লেখক দীপক শৰ্মাই আঁত ধৰা সভাত প্ৰবন্ধ সংকলনখনি উন্মোচন কৰি অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ সভানেত্ৰী মৃণালিনী দেৱীয়ে কয় – “গ্ৰন্থই মানুহৰ অন্তৰ আত্মাৰ বিকাশ ঘটাব পাৰে । মানুহৰ জ্ঞানৰ পৰিধি শ্ৰীবৃদ্ধি কৰিব পাৰে । যুগ যুগ ধৰি গ্ৰন্থৰ চাহিদা থাকিব । ছপা আখৰৰ মৃত্যু কেতিয়াও নহয় ।” প্ৰসিদ্ধ সমালোচক, সাহিত্যিক, চিন্তাবিদ ড০ গোবিন্দ প্ৰসাদ শৰ্মাই মুখ্য অতিথিৰ ভাষণত কয়-“প্ৰতিৰাকী নাৰীৰ নিজা ববিয়াকৈ এটা পঢ়া কোঠালী থাকিব লাগে । প্ৰতি নাৰীয়ে ইচ্ছাকৃতভাবে পঢ়িব, লিখিব পাৰে লগতে নিজা উদ্যমেৰে কাম কৰিব পাৰে তাৰবাবে ঘৰৰ কোঠাৰ প্ৰয়োজন । ১৯২৫ চনত ইংলেণ্ডত প্ৰথম নাৰী জাগৰণ হৈছিল । আমেৰিকা, ফ্ৰান্সৰ দৰে অসম, ভাৰতবৰ্ষতো নাৰী শক্তিশালী হ’ব লাগে । হ’বৰ কাৰণে পণ লব লাগে ।” অনুষ্ঠানত বিশিষ্ট সাহিত্যিক- সমালোচক ভৱানীপ্ৰসাদ অধিকাৰী, শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত বিশিষ্টা লেখিকা হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, লেখিকা সংস্থা, অসমৰ সভানেত্ৰী মৃদুলা শৰ্মাই সন্মানীয় অতিথিৰ ভাষণত লেখিকা মঞ্জুলা শৰ্মা ভট্টাচাৰ্যৰ সৃষ্টিৰাজি, তেওঁৰ বদান্যতাৰ ওপৰত আলোকপাত কৰে । অনুষ্ঠানত ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি দেবেন্দ্ৰ নাথ বসুমতাৰী, সাহিত্যিক পেন্সনাৰ কমল কলিতা, নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব প্ৰধান তথা লেখিকা ড০ অসমী গগৈ, বিশিষ্ট কবি মীৰা ঠাকুৰ, “ৰহস্য” সাহিত্যালোচনীৰ প্ৰাক্তন সম্পাদক দামোদৰ শৰ্মা, “সংযোগ” মাহেকীয়া আলোচনীৰ সম্পাদক প্ৰশান্ত গগৈ প্ৰমুখ্যে কেইবাজনো বিশিষ্ট কবি,লেখক-লেখিকা, সাংবাদিক, শিল্পী উপস্থিত আছিল । অনুষ্ঠানত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহই ড০ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটি বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত পৰিৱেশন কৰি অনুষ্ঠানটোৰ সৌন্দৰ্য বৰ্ধন কৰে । সভাৰ প্ৰাককথনতে লেখিকা মঞ্জুলা শৰ্মা ভট্টাচাৰ্যই সাৱলিল ভাষাত টিহুৰ পৰা গুৱাহাটীলৈ সাহিত্যৰ সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰে ।