গুৱাহাটীৰ এন পি এছ ইন্টাৰনেচনেল স্কুলত ১৩গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিড
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰৰ আভিজাত বিদ্যালয় এন পি এছ ইন্টাৰনেচনেল স্কুলত ক’ভিড। এন পি এছ ইন্টাৰনেচনেল স্কুলত এতিয়ালৈকে ১৩গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড-১৯।ছাত্ৰ-ছাত্ৰী কৰ’নাত সংক্ৰমণ হৈছে যদিও এই ঘটনা বিদ্যালয় কৰ্তৃপক্ষই গোপনে ৰাখিছে।হোষ্টেলত থকা এই ছাত্ৰ-ছাত্ৰীসকলৰ দেহত ক’ভিড-১৯ সংক্ৰমণ হোৱাৰ পাছতো বিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনা গোপনে ৰখাৰ চেষ্টা কৰিছে।বিদ্যালয়খনৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক এই ঘটনাৰ সন্দৰ্ভত মুখ নুখুলিবলৈ সকিয়নী প্ৰদান কৰে।এতিয়ালৈকে বিদ্যালয়খনত ক’ভিড প্ৰটকল অনুসৰি প্ৰশাসনে মাইক্ৰ কন্টেইনমেন্ট জ’ন ঘোষণা নকৰাত আন ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-অভিভাৱকসকলো আতংকিত হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত বিদ্যালয়খনৰ আৰু অধিক ছাত্ৰ-ছাত্ৰীৰ ক’ভিড-১৯ সংক্ৰমণ হোৱাৰ সম্ভাৱনাই দেখা দিছে।