গুৱাহাটীত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ বৈঠক

গুৱাহাটীত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা- দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ অসম সাহিত্য সভাৰ সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয়। ৰাইজৰ দলৰ ৩৫ খন জিলা সমিতিৰ প্ৰতিনিধিৰ লগতে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সকলে অংশগ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সভাখনত সভাপতিত্ব কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। দলৰ সংবিধানৰ নীতি অনুসৰি যোৱা ২৫ অক্টোবৰ কৰ্ণধাৰ সমিতিয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ প্ৰস্তাৱ সৰ্বোচ্চ সাংবিধানিক সভাত উত্থাপন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু অলক নাথে। প্ৰথম অৱস্থাত দলৰ বহুকেইখন জিলা সমিতিয়ে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল যদিও বহু আলোচনাৰ অন্তত এই প্ৰস্তাৱ প্ৰতিনিধি সকলে সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰে। উক্ত সভাই নৱেম্বৰ মাহৰ মাজভাগৰ পৰা অসমৰ প্ৰতিখন গাঁও,চহৰ, বাগান তথা প্ৰতিটো অঞ্চল সামৰি এক গণ সংযোগ কাৰ্যসূচী গ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। বিজেপিক পৰাভূত কৰি গণতন্ত্ৰ ৰক্ষাৰ বাবে ৰাইজৰ মাজত জনমত গঢ়াৰ লগতে উক্ত গণসংযোগ কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হ’ব জনগণক ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক অধিকাৰৰ প্ৰতি সজাগ কৰা, জনগণৰ মাজত বিশ্বাস আৰু সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰা আৰু অসমত প্ৰগতিশীল আঞ্চলিকতাবাদৰ এক নতুন ধাৰাৰ সৃষ্টি কৰা। ‘ ৰাইজৰ দল ৰাইজৰ মাজলৈ’ শীৰ্ষক এই গণসংযোগ কাৰ্যসূচী চলিত মাহৰ মাজভাগৰ পৰা সভাপতি অখিল গগৈৰ নেতৃত্বত শদিয়াৰ পৰা আৰম্ভ হ’ব। ৰাইজৰ দলে উক্ত কাৰ্য্যসূচীত জাতি বৰ্ণ ভাষা নিৰ্বিশেষে অসমক ভালপোৱা, গণতন্ত্ৰক ভালপোৱা সকলো লোকৰে সহযোগিতা কামনা কৰিছে।