গুৱাহাটীত পুনৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত পুনৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ।মহানগৰীৰ ৰুক্মিনী গাঁৱত যুৱতীৰ মৃতদেহ উদ্ধাৰ।বিছনাত শুই থকা অৱস্থাত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। ৰুক্মিণীগাঁও ৰংগমঞ্চ পথৰ হাউছ নং ৮ত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। মৃত যুৱতীগৰাকী গোৱালপাৰাৰ বিপ্লৱী নাথ। ডেৰমাহ পূৰ্বে ৰুক্মিণীগাঁৱত ভাৰাঘৰ লৈছিল বিপ্লৱীয়ে। এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্ম কৰাৰ উপৰিও গুৱাহাটীত অধ্যয়ন কৰি আছিল বিপ্লৱী নাথে।তিনিদিন ধৰি ঘৰৰ মানুহে ফোনত পোৱা নাছিল বিপ্লৱীক। দুদিন ধৰি ভাড়াঘৰৰ মানুহে দেখা নাছিল বিপ্লৱীক। ঘৰৰ স্বত্বাধিকাৰী মহিলাই কেইবাবাৰো মাত দিছিল যদিও সঁহাৰি দিয়া নাছিল বিপ্লৱীয়ে। পৰৱৰ্তী সময়ত ঘৰৰ গৰাকীয়ে দুৱাৰত হেচুকি দিওতে খোল খায় দুৱাৰখন।কোঠাৰ ভিতৰত কম্বল লৈ শুই থকা অৱস্থাত প্ৰত্যক্ষ কৰে যুৱতীগৰাকীক। কিন্তু কেইবাবাৰো মাত নিদিয়াত সন্দেহ হোৱাত নিশাই আৰক্ষীক খবৰ দিয়ে। লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ভালদৰে নিৰীক্ষণ কৰাতহে পোহৰলৈ আহে বিপ্লৱীৰ মৃত্যুৰ কথা।চাৰি, পাঁচদিন পূৰ্বেই বিপ্লৱী নাথৰ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ। অৱশ্যে এতিয়াও পোহৰলৈ অহা নাই যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত হে পোহৰলৈ আহিব বিপ্লৱী নাথৰ মৃত্যুৰ ৰহস্য।