গুণোৎসৱৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

pc Facebook

গুণোৎসৱৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  ছিপাঝাৰত গুণোৎসৱৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰীয়ে।ঘোঁৰাবান্ধা জুনিয়ৰ বেছিক স্কুলত গুণোৎসৱত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ।মুখ্যমন্ত্ৰীক কাষত পাই উৎফুল্লিত ছাত্ৰ-ছাত্ৰী।গুণোৎসৱৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ডাঙৰ ঘোষণা।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “অহা ৪ বছৰত বিদ্যালয়সমূহৰ সমস্যা কমি আহিব।হাইব্ৰীড পৰ্যায়লৈ নিয়া হ’ব ৰাজ্যৰ শিক্ষা ব্যৱস্থা।অসমৰ চৰকাৰী বিদ্যালয়ত প্ৰযোজ্য হ’ব ‘হাইব্ৰীড মডেল’।অসমীয়াৰ লগতে ইংৰাজী মাধ্যমতো হ’ব পাঠদান।দুটা বিষয় ইংৰাজীত শিকোৱা হ’ব।গণিত বিষয়টো ইংৰাজী মাধ্যমত প্ৰৱৰ্তনৰ চেষ্টা কৰা হ’ব।মাতৃভাষাৰ লগে লগে ইংৰাজী মাধ্যমৰ প্ৰয়োজন আছে।অসমীয়াত শিক্ষাৰ সীমা কেৱল শদিয়াৰ পৰা ধুবুৰীলৈ।হিন্দী আৰু ইংৰাজী দুয়োটা মাধ্যমেই প্রয়োজন আছে।”