গীতিমা দাসলৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পুতলা নাচৰ বাবে যুৱ শিল্পী বৃত্তি প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ লোক কলা পুতলা নাচ প্ৰায় নিঃচিহ্ণ হৈ যোৱাৰ ক্ষণত। অসমৰ বাবে অতি সুখবৰ যে তেনে এটি ক্ষণত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা গীতিমা দাসলৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা ২০১৯-২০ বৰ্ষৰ যুৱ শিল্পী বৃত্তি প্ৰদান বঁটাৰ বাবে মনোনীত হৈছে । গীতিমা দাসে এন.চি.ই.আৰ.টি, চি.চি.আৰ.টি আৰু এছ চি আৰ টি ৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীৰ অধীনত প্ৰশিক্ষণ লৈ আছে । লগতে সুৰজিৎ একাডেমীত দুবছৰীয়া কথা ছবি অভিনয় আৰু পুতলা নাচৰ ওপৰত প্ৰশিক্ষণ লৈ আছে। তাৰোপৰি গীতিমা দাসে বিনীতা দেৱীৰ অধীনত অসম তথা ভাৰত চৰকাৰৰ অধীনৰ বহু কেইখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সাংস্কৃতিক কাৰ্যক্ৰমত পুতলা নাচ আৰু নাটকত অভিনয় পৰিৱেশন কৰাৰ লগতে সুৰজিৎ একাডেমীৰ অধীনত বহু কেইখন চুটি ছবিত অভিনয় কৰে। গীতিমা দাস পছৰীয়াৰ ৰবি দাস আৰু বৰদা দাসৰ দ্বিতীয়া কন্যা ।