গাগিনী অ’ গাগিনী
গাগিনী অ’ গাগিনী,
বৰকৈ বাঢ়িছে নদীত বোলে পানী
মনে- মনে চাওঁ গৈ চোন ব’লা
নদীৰ বাঢ়নী পানী আমি জুখি- মাখি
ডিঙিটো ভাঙি তুমি ঠেঙ দুটা যেতিয়া আগলৈ মাৰা
তোমাক সঁচাকৈ কোনোবা বক্সাৰ যেন লাগে জানা
খঙতেই নিদিবা দেই একৰাউণ্ড খেলি
ক’ৰবাত পৰিমগৈ জানা তেতিয়া ছিটিকি
দুখ- চুখ পালে ডাক্তৰ নো ক’ত বাৰু পাবা
ক’ৰণাৰ বাবে ওলমি আছে জানা এতিয়াও তলা
গাগিনী, তোমাক মই সুধিম নদীৰ পানীৰ পৰিমাণ
ঠেঙ দুখন মেলি ক’বা,” ইমান- ইমান। “
আবেলিৰ ৰঙা বেলিৰ সতে আমি উভটিম ঘৰলৈ
উলাহতে ৰজা- ৰাণী খেলিম চোতালত ৰৈ- ৰৈ
গায়ত্ৰী দেৱী বৰঠাকুৰ।
তেজপুৰ ,শোণিতপুৰ–784001
8822943064