গাগিনী অ’ গাগিনী – গায়ত্ৰী দেৱী বৰঠাকুৰ

Pc- Pexels

গাগিনী অ’ গাগিনী 

গাগিনী অ’ গাগিনী,

বৰকৈ বাঢ়িছে  নদীত বোলে     পানী

মনে- মনে   চাওঁ গৈ চোন   ব’লা

নদীৰ  বাঢ়নী পানী আমি জুখি- মাখি

ডিঙিটো ভাঙি তুমি ঠেঙ দুটা যেতিয়া আগলৈ মাৰা

তোমাক সঁচাকৈ কোনোবা বক্সাৰ যেন লাগে জানা

খঙতেই নিদিবা দেই একৰাউণ্ড খেলি

ক’ৰবাত  পৰিমগৈ  জানা তেতিয়া   ছিটিকি

দুখ- চুখ পালে ডাক্তৰ নো   ক’ত বাৰু  পাবা

ক’ৰণাৰ বাবে  ওলমি আছে জানা এতিয়াও তলা

গাগিনী, তোমাক মই সুধিম নদীৰ পানীৰ পৰিমাণ

ঠেঙ দুখন মেলি ক’বা,” ইমান- ইমান। “

আবেলিৰ ৰঙা বেলিৰ সতে  আমি উভটিম ঘৰলৈ

উলাহতে ৰজা- ৰাণী খেলিম  চোতালত ৰৈ- ৰৈ

গায়ত্ৰী দেৱী বৰঠাকুৰ।
তেজপুৰ ,শোণিতপুৰ–784001 
8822943064