গাঁওবুঢ়া খৰ্গেশ্বৰ কলিতাৰ বিয়োগ

অনলাইন বাৰ্ত্তাসেৱা – নলবাৰী জিলাৰ দীঘেলী গাঁওৰ গাঁওবুঢ়া খৰ্গেশ্বৰ কলিতাৰ বুধবাৰে (৭ জুলাই) পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৭৯ বছৰ আছিল। নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অবস্থাতে তেওঁৰ মৃত্যু হয়। উল্লেখ্য যে, তেওঁ নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হৈ পিছত ১৯৬৪ চনত তেখেতে কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হ’বলৈ সক্ষম হৈছিল। তেওঁ ১৯৮৬ চনত দীঘেলী গাঁওৰ লাট গাঁওবুঢ়া হিচাপে নিযুক্তি লাভ কৰি দীঘেলী গাঁওৰ সুখ-দুখৰ সমভাগী হৈছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

(চাহিল মল্লিক)