গ’ল্ড লোন – কাজি শ্বাহাদত ইছলাম

pc shutterstock
গ’ল্ড লোন
কাজি শ্বাহাদত ইছলাম,
ঠিকনা-দক্ষিণগাঁও, কাহিলীপাৰা
“নাইন… ওৱান… ফ’ৰ… জিৰো… ছেভেন… ওৱান… ছেভেন…নাইন… ছেভেন…জিৰো…”
হেলমেটৰ তলেৰে কাণত গুঁজি দিয়া ব্লুটুথটোত বাৰে বাৰে নাম্বাৰকেইটা শুনি শুনি লিটন অতিষ্ঠ হৈ এইবাৰ ব্লুটুথৰ চুইচটো টিপি দিলে ।
-গুড ইভিনিং ছাৰ । মই “আলবিৰা ফাইনেন্স”ৰ পৰা তানভিয়ে কৈ আছোঁ। আপুনি জানি সুখী হ’ব যে আমাৰ পৰা গ’ল্ড লোন ল’লে….
– এ…এ…এ… কিয় যে সদায় সদায় কল কৰি ডিমাগডাল চেলেকি থাকে নহয়…. ৰাখক ফোনটো !!
তেওঁ সাধাৰণতে বাইক চলাওঁতে কল ৰিচিভ নকৰে কিন্তু আজি এটা গুৰুত্বপূৰ্ণ কল আহিব বুলি অপেক্ষা কৰি আছিল।আৰু কলটো সময়মতে ৰিচিভ কৰিব নোৱাৰিলে আৰ্থিক দিশত ডাঙৰ ক্ষতি হ’ব গতিকে বাইক ষ্টাৰ্ট কৰাৰ আগতেই কাণত ব্লুটুথ সুমুৱাই লৈছে । কিন্তু গ’ল্ড লোনৰ কলটো অহাৰ বাবে সেই গুৰুত্বপূৰ্ণ কলটো নাপাব বুলি তেওঁৰ খং উঠিছে।দুমাহৰ আগতে তেওঁৰ দোকানলৈ অফিচাৰ দুজনমান আহিছিল “আলবিৰা ফাইনেন্স”ৰ বিষয়ে বিতং বুজাবলৈ।সেই আলোচনাৰ প্ৰতি তেওঁৰ কোনো ইন্টেৰেষ্ট নাছিল যদিও জোৰ কৰি নাম্বাৰ লৈ গৈছিল।মাজে সময়ে ছোৱালী এজনীয়ে কল কৰে আৰু গ’ল্ড লোনৰ লাভালাভ সম্পৰ্কে বুজায়। দুমাহৰ ভিতৰতে ছোৱালীজনীৰ লগত সমান্য আন্তৰিকতাৰ গজালি মেলিছিল।ব্যক্তিগত নাম্বাৰো আদান-প্ৰদান হৈছিল।ছোৱালীজনীৰ একমাত্ৰ উপাৰ্জনৰ পথ হিচাপে “আলবিৰা ফাইনেন্স”ক বাছি লৈছে।ঘৰখন আৰ্থিক দিশত বহুত দুৰ্বল কাৰণে নিজৰ পঢ়া আধাতেই সামৰি মাত্ৰ আঠ হাজাৰ টকা দৰমহাতে কামটো কৰি আছে।তাইৰ কাম হ’ল প্ৰতিদিনে কাষ্টমাৰক কল কৰি “আলবিৰা ফাইনেন্স দিয়া  গ’ল্ড লোন আৰু তাৰ উপকাৰিতাৰ বিষয়বোৰ তন্ন তন্নকৈ  বুজাই পৰা সিহঁতৰ লোনৰ প্ৰতি আকৰ্ষিত কৰা।এচি কোঠাত বহি কৰা কামটো দেখাত বিলাসী যেন লাগিলেও কামটোৱে মাজে সময়ে কৰ্মকৰ্তাসকলক মানসিক কষ্ট দিয়ে।পেটৰ দায়ত পৰি কম দৰমহাতে বাছি লোৱা কামটোত ইচ্ছা-অনিচ্ছাতে কাষ্টমাৰক কল কৰিবলগীয়া হয়।সকলো কাষ্টমাৰৰ আচৰণ সমান নহয় কাৰণে মাজে সময়ে কিছুমান কাষ্টমাৰৰ পৰা তিৰস্কাৰমূলক কথাও শুনিবলগীয়া হয় আৰু কিছুমানৰ আচৰণত অশ্লীলতাৰ গোন্ধ পোৱা যায়।তানভী ছোৱালীজনী সহজ-সৰল লগতে যথেষ্ট পৰিমাণে আত্মসন্মানবোধ ৰক্ষা কৰি চলা ধৰণৰ।দুখীয়া যদিও আত্মসন্মানত আঘাত লাগিলে একেবাৰেই সহ্য কৰিব নোৱাৰে তাই।তাতে আকৌ লিটনৰ দৰে নৱ বন্ধু এজনৰ পৰা এনে ধৰণৰ ৰিপ্লাই একেবাৰেই মানি ল’ব পৰা নাই তাই।ফোনত তানভীৰ লগত কৰা তেওঁৰ ব্যৱহাৰে তেওঁ কষ্ট দিব ধৰিলে। তাইতো অচিনাকি ছোৱালী নহয়।কল কৰাটো তাইৰ মজবুৰি বুলি হে কল কৰে তাই । নাই তেওঁ কামটো ঠিক কৰা নাই।তেওঁ তাইৰ ওচৰলৈ গৈ ক্ষমা খুজিব।কিন্তু তাইৰ ৰুমটোতো চিনি নাপায় কাৰণ যোৱাই নাই কেতিয়াও।তেওঁৰ মনত পৰি গ’ল কেইদিনমান আগতে কথা প্ৰসংগত তাইৰ ঠিকনা জানিব বিচৰাত তাই হুৱাটছাপত নিজৰ লোকেচন দিয়া বুলি।পাছদিনা ৰাতিপুৱা তেওঁ বাইকখন লৈ তাইৰ ৰুমলৈ বুলি ওলাল।ম’বাইলত লোকেচন চাই চাই তেওঁ লোকেচনৰ অন্তিম বিন্দুত গৈ ৰৈ দিলে।কিন্তু আচৰিত কথা তাত এটা পুলিচৰ গাড়ী লগতে বহু মানুহৰ ভীৰ।চাৰিওফালে ভিডিঅ’ জাৰ্ণেলিষ্টেৰে ভৰ্তি।কেমেৰামেনে কেমেৰা ধৰি আছে আৰু জাৰ্ণেলিষ্টবোৰে কেমেৰাত পৰিস্থিতিটো বৰ্ণনা কৰি আছে।সকলোৰে মুখত এটাই প্ৰশ্ন- “তানভী ফাৰনাজৰ আত্মহত্যাত জগৰীয়া কোন!” তেওঁ নিজৰ চকুজুৰি সতৰ্কতাৰে চাৰিওফালে ঘূৰালে।আৰু কি-পইন্টত চাবি সুমুৱাই বাইকখন ষ্টাৰ্ট কৰি ঠাইখন ত্যাগ কৰিলে।