গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ গীত- মাতৰ অনুষ্ঠান

গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ গীত- মাতৰ অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ ৩০৭ সংখ্যক গীত মাতৰ বিশেষ বৈঠকখনি গণেশপাৰাৰ সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সাধাৰণ সম্পাদক গকুল বৰুৱাৰ আহ্বানত আৰু উপদেষ্টা সুশীল চন্দ্ৰ বৰঠাকুৰৰ সঞ্চালনাত অলপতে অনুষ্ঠিত হয়৷বিগত বৈঠকৰ কাৰ্যবিৱৰণী সাধাৰণ সম্পাদক গকুল বৰুৱাই পাঠ কৰাৰ পাছতে সাংস্কৃতিক শাখাৰ সম্পাদিকা ৰীনা দাসৰ পৰিকল্পনা আৰু পৰিচালনাত আৰম্ভ হয় গীত- মাতৰ অনুষ্ঠান৷সমাজৰ সদস্যা অনুভা বৰুৱাই আঁত ধৰা অনুষ্ঠানত আৰাধনা দেৱী,নিভা ডেকা,সুজলা বৈশ্য,অঞ্জুমণি দাস,গীতিমা বৰুৱা,মঞ্জু দাসে সমবেতগীত পৰিৱেশন কৰে৷অনুষ্ঠানত মনদীপ বৰুৱাই ৰাভা সংগীত,অমৰেন্দ্ৰ মল্ল বৰুৱাই ভূপেন্দ্ৰ সংগীত,ভাৰ্গৱ দাসে লোকগীত,হষিকা বৈশ্য,বৃষ্টি, নৱস্মিতা,আয়ুত্ৰী,অন্বেষা,কুৱলী,তৃষিকা নাথ,ৰঞ্জন বড়ো,জুমি মেধি,জ্যোতিস্মান দাস,ৰাকেশ শৰ্মাই গীত পৰিৱেশন কৰে৷গায়ত্ৰী মুদৈয়ে সত্ৰীয়া নৃত্য,সাগৰিকা বৰুৱাই কথক নৃত্য,সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিহু নৃত্য পৰিৱেশন কৰে৷গকুল বৰুৱাৰ কবিতা আবৃত্তিৰ লগতে কুনাল দাসে তবলা বাদনেৰে অনুষ্ঠানটো জীপাল কৰি তোলে৷বিশেষ অতিথি হিচাপে অন্ধ্ৰপ্ৰদেশৰ নেভী বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা এ গৌৰী শংকৰ ৰাও বৈঠকত উপস্থিত থাকি দুআষাৰ কয়৷জ্যোতিষ ঠাকুৰীয়াৰ পৰিচালনাত সমজুৱাৰ হাঁহিৰে বৈঠকৰ সামৰণি মৰা হয়৷