গণেশপাৰাত মহাশিৱৰাত্ৰি-দৌল উৎসৱ
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ গণেশপাৰাস্থিত শ্ৰীশ্ৰী শ্যাম দেৱালয় সমিতিৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো ১ আৰু ১৮ মাৰ্চত দেৱালয় প্ৰাংগণত শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি আৰু শ্ৰীশ্ৰী কৃষৰ দৌল উৎসৱৰ আয়োজন কৰা হৈছে৷কাৰ্যসূচী অনুসৰি ১ মাৰ্চত আবেলিৰ ভাগত পূজা আৰম্ভ,সন্ধিয়াৰ ভাগত চম্পকনগৰ মহিলাসকলৰ দ্বাৰা নাম প্ৰসংগ,নিশাৰ ভাগত অঞ্জলি প্ৰদান,প্ৰসাদ,ভোগ বিতৰণ৷আনহাতে, ১৮ মাৰ্চত পুৱাৰ ভাগত পূজা আৰম্ভ,দেৱালয়ৰ পৰা দৌলযাত্ৰা আৰম্ভ,চম্পকনগৰ মহিলাসকলৰ দ্বাৰা নাম প্ৰসংগ,অঞ্জলি প্ৰদান,প্ৰসাদ,খিচিৰি ভোগ বিতৰণৰে সামৰণি মৰা হ’ব৷দুয়োটা দিনতে আটাইবোৰ কাৰ্যসূচীত উপস্হিত থাকিবলৈ সমিতিৰ সভাপতি বাসৱ কলিতা আৰু সম্পাদক পৰেশ চন্দ্ৰ শৰ্মাই অনুৰোধ জনাইছে৷