গছ থাকিলেহে মানুহ থাকিব – এছ ইছলাম

PC - iStock
গছ থাকিলেহে মানুহ থাকিব
এছ ইছলাম, শিক্ষক , বৰপেটা
গছ কাটিলে ৰস ওলায়
আমাৰ আঙুলি কাটিলে তেজ
তেজ পৰিবহন তন্ত্ৰত
সিৰা আৰু ধমনী
গছৰ পৰিবহন ক্ৰিয়াত
জাইলেম আৰু ফ্লৱেম।
আছে আমাৰ দেহে প্ৰাণ
উদ্ভিদৰো দেহাত জীৱন
পৃথিৱীখন বিনন্দীয়া কৰিবলৈ
কৰিব লাগে গছপুলি ৰোপণ
পৰিৱেশেই হৈছে আমাৰ জীৱন।
কাৰ্বনমুক্ত পৰিৱেশ গঢ়িবলৈ
গোলকীয় উষ্ণতা ৰোধ কৰিবলৈ
বনানিকৰণৰ প্ৰয়োজন
প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ্থে
গছ কাটিব নালাগে।
গছ থাকিলেহে মানুহ থাকিব
গছে এৰি দিয়া গেছ কৰোঁ গ্ৰহণ
পৰিৱেশৰ বুকুত জীয়াই থাকিবলৈ
কৰা গছ সংৰক্ষণ
সেয়ে হ’ব পৃথিৱীখন সেউজী়কৰণ।