“খেল ৰত্ন বঁটা”ৰ বাবে নিৰ্বাচিত অসমৰ প্ৰথমগৰাকী খেলুৱৈ লাভলীনা

“খেল ৰত্ন বঁটা”ৰ বাবে নিৰ্বাচিত অসমৰ প্ৰথমগৰাকী খেলুৱৈ লাভলীনা

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান খেলৰত্ন বঁটা লাভ কৰিব লাভলীনাই।লাভলীনালৈ আগবঢ়োৱা হৈছে দেশৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা।কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগে ঘোষণা কৰা ২০২১ বৰ্ষৰ ক্ৰীড়া বঁটাৰ তালিকাত লাভলীনাই স্থান লাভ কৰিছে।আনহাতে অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙকো মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা বিজয়ীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।এইবাৰ দেশৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা বিজয়ীৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পাইছে।অৰ্জুন বঁটা প্ৰদান কৰা হ’ব দেশৰ ৩৫ গৰাকী খেলুৱৈক।আগন্তুক ১৩ নৱেম্বৰত ৰাষ্ট্ৰপতি ভৱনত খেলুৱৈকসকলক ক্ৰীড়া বঁটাসমূহ প্ৰদান কৰা হ’ব।