খানাপাৰা ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত

pc Times of India

খানাপাৰা ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত

অনলাইন বাৰ্ত্তাসেৱা-  মহানগৰীৰ গণেশ মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খানাপাৰা ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হয়। সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত আছুৰ পতাকা উত্তোলন কৰে খানাপাৰা ছাত্ৰ সন্থাৰ আহ্বায়ক বনানী দাসে আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে আহ্বায়ক গৌতম ঠাকুৰীয়াই ৷ আহ্বায়ক গৌতম ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাখন উদ্বোধন কৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক নয়নজ্যোতি নাথে। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইনে বক্তব্য আগবঢ়াই সদৌ অসম ছাত্ৰ সন্থাৰ দৃষ্টিভংগী ব্যাখ্যা কৰে। ২০২১-২২ বৰ্ষৰ বাবে খানাপাৰা ছাত্ৰ সন্থাৰ সভাপতি হিচাপে মিতুল খাটনিয়াৰ, সাধাৰণ সম্পাদক অৰূপ গগৈ আৰু বিত্ত সম্পাদক হিচাপে মানৱজ্যোতি ডেকাক দায়িত্ব দি ৫০জনীয়া এখন শক্তিশালী কার্যনির্বাহক সমিতি গঠন কৰা হয়। সভাত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অলকেশ নাথ, উপ-সভাপতি জিতুল দাস, বিত্ত সম্পাদক নিতু ৰাজবংশী, প্রচাৰ সম্পাদক সমীৰণ কলিতা, মুখ্য সাংগঠনিক সম্পাদক বিজু দাস, কার্যনির্বাহক সদস্য দিলীপ চৌধুৰী, কমল মহন্ত, ৰঞ্জন কলিতা, ৰূপম দাস, দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত দাস, সাধাৰণ সম্পাদক ৰঞ্জিত ডেকা, বিত্ত সম্পাদক বিষ্ণু কলিতাকে ধৰি বহুকেইজন ছাত্রনেতা উপস্থিত থাকে।

(UD.)